ETV Bharat / state

মিছামাৰীত বেঙেনাজুলি নৈৰ খহনীয়াত জাহ গ'ল শ্মশান

author img

By

Published : Jul 2, 2022, 3:46 PM IST

অৰুণাচলৰ পৰা আহি মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা বেঙেনাজুলি নৈৰ খহনীয়াৰ কৱলত পৰিছে এখন ৰাজহুৱা শ্মশান (Crematorium destroy in erosion at Rangapara) ৷ নৈখনৰ খহনীয়াৰ কৱলত পৰি পাৰত থকা মৃতদেহ সৎকাৰ কৰা পকী ঘৰটোও সম্প্ৰতি হাউলি পৰিছে ৷

Crematorium destroy in erosion at Rangapara
মিছামাৰীত বেঙেনাজুলি নৈৰ খহনীয়াত জাহ গ'ল শ্মশান

ৰঙাপৰা, 2 জুলাই: ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কোনো কোনো ঠাই এতিয়াও পানীৰ তলত (Flood in Assam) ৷ অৰুণাচল পাদদেশৰ পৰা নামি আহি মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা বেঙেনাজুলি নৈৰ খহনীয়াৰ (Massive erosion of Bengenajuli River at Misamari) কৱলত পৰিছে এখন ৰাজহুৱা শ্মশান (Crematorium destroy in erosion at Rangapara) ৷ নৈখনৰ খহনীয়াৰ কৱলত পৰি পাৰত থকা মৃতদেহ সৎকাৰ কৰা পকী ঘৰটোও সম্প্ৰতি হাউলি পৰিছে ৷

মিছামাৰীত বেঙেনাজুলি নৈৰ খহনীয়াত জাহ গ'ল শ্মশান

উল্লেখ্য যে, বেঙেনাজুলিৰ নৈখনৰ পাৰত থকা ৰাজহুৱা শ্মশানখনত নাহৰণি, কলামাটি আৰু কঠালগুৰি গাঁৱৰ ৰাইজে মৃতদেহ ধৰ্মীয় নীতি নিয়মৰে সৎকাৰ কৰি আহিছে । বিশেষকৈ বৰষুণ দি থকাৰ সময়ত টিঙৰ চালিখনৰ তলত মৃতদেহ সৎকাৰ কৰাত ৰাইজ চিন্তিত হ'বলগীয়া হোৱা নাছিল । কিন্তু পকী ঘৰটো নৈখনৰ দিশে হেলনীয়া হৈ পৰাত মৃতদেহ সৎকাৰক লৈ স্থানীয় ৰাইজে চিন্তিত হৈ পৰিছে (Crematorium destroy in erosion at Misamari) ।

জানিব পৰা মতে, মৃতদেহ সৎকাৰৰ সময়ত স্থানীয় ৰাইজ উপকৃত হোৱাকৈ কেইবাবছৰ পূৰ্বে চৰকাৰী ধন ব্যয়ৰে মিছামাৰী গাঁও পঞ্চায়তখনে এখন টিঙৰ চালি সাজি দিছিল । ইফালে, কিছুদিন পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক অশোক সিংঘালে (MLA Ashok Singhal) শ্মশানখনত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ বুজ লোৱাৰ লগতে সোনকালে শ্মশানখন পুনৰ নিৰ্মাণ ব্যৱস্থাৰে ৰাইজক মৃতদেহ সৎকাৰত উপকৃত কৰি তুলিব বুলি আশ্বাস দিছে ৷

লগতে পঢ়ক: Landslide in Manipur: বায়ুসেনাৰ বিমানেৰে স্ব গৃহলৈ প্ৰেৰণ সেনাৰ জোৱানৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.