ETV Bharat / state

ৰঙাপাৰা,ৰাতাবাৰীত কংগ্ৰেছৰ প্ৰচাৰ অভিযান: বিজেপিক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ

author img

By

Published : Oct 17, 2019, 1:21 PM IST

Updated : Oct 17, 2019, 6:24 PM IST

আগন্তুক নিৰ্বাচনৰ বাবে ৰঙাপাৰা,ৰাতাবাৰী সমষ্টিত জোৰদাৰ প্ৰচাৰ অভিযান চলাইছে কংগ্ৰেছে ৷ প্ৰচাৰ অভিযানত বিজেপিক ক্ষুৰধাৰ সমালোচনা বিৰোধী পক্ষৰ ৷ আনহাতে ৰাতাবাৰীত কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত ৷

ৰঙাপাৰা

ৰঙাপৰা, 17 অক্টোবৰ: "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক অচল 500 টকীয়া বুলি কৈছে। প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মা এতিয়া অচল টকা আৰু তেখেতৰ কোনো কাম নাই আৰু ইয়াৰ প্ৰমাণ অসমত অনুষ্ঠিত হ'ব লগা উপ-নিৰ্বাচনত তেখেতে পাব।" শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ ঘইৰালি চাহ বাগিছাত বৃহস্পতিবাৰে অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ উক্ত সভাখনত উপস্থিত থাকে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন। সভাখনত ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ 4 টা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ জয়ী নিশ্চিত বুলিও মন্তব্য কৰাৰ লগতে হিন্দুত্বৰ কথা কোৱা এইখন চৰকাৰৰ দিনতেই হিন্দুত্ব এতিয়া সংকটত বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

জোৰদাৰ প্ৰচাৰ অভিযান

উল্লেখযোগ্য যে,পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ আত্মহত্যা,দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি,নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ,লামডিং ৰে'ল বিভাগত বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে চাকৰি লোৱাৰ উপৰিও নিৰ্বাচনৰ আগতে বিজেপিয়ে টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ কথা কৈছিল যদিও আজি পৰ্যন্ত এইবোৰ বিষয়ৰ ওপৰত কাম নোহোৱাৰ কথাও ভাষণত সোঁৱৰাই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে ৷

জোৰদাৰ প্ৰচাৰ অভিযান

আনহাতে ৰাতাবাৰীত কংগ্ৰেছ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিয়ে যদি হেলিকপ্তাৰ উৰুৱাইছে,ৰাজহুৱা সভা পাতিছে আনহাতে কংগ্ৰেছে সমষ্টিসমূহৰ চুকে-কোণে গৈ সৰু সৰু সভা পাতি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে ৷ অব্যাহত ৰাখিছে এটা দলে আন এটা দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা। বুধবাৰে সন্ধিয়া ৰাতাবাৰী সমষ্টিৰ সিংলাছৰা চাহ বাগিছাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী অজিত সিং আৰু লক্ষীপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালাই ।

Intro:ৰঙাপৰাত কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিতঃ বিজেপিক সমালোচনা ৰূপজ্যোতি-ৰকিবুলৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত আজি কংগ্ৰেছৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। ৰঙাপৰাৰ ঘইৰালি চাহ বাগিছাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন উপস্থিত আছিল। সভাত ৰূপজ্যোতি কুৰ্মীয়ে কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আচল পাঁচশ টকীয়া বুলি কৈছে। প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মা এতিয়া অচল টকা আৰু তেখেতৰ কোনো কাম নাই আৰু ইয়াৰ প্ৰমাণ অসমত অনুষ্ঠিত হব লগা উপ-নিৰ্বাচনত তেখেতে পাব।অসমৰ চাৰিটা বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছই জয়ী হব। বিজেপিয়ে মানুহৰ কানখন ভাল লগাবলৈ হে ভালদৰে কথা কব জানে। নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে সোন, স্কুটি, নিকা এন আৰ চি হব আদি বহুতো কথা কৈ এতিয়া নিজে বিদেশী সংস্থাপন দিব বিচাৰিছে। হিন্দুত্বৰ কথা কোৱা এইখন চৰকাৰৰ দিনতেই হিন্দুত্ব এতিয়া সংকটত। পেপাৰ মিল বন্ধ কৰাত কৰ্মচাৰী সকলে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি পালন কিয় নকৰিলে? নুমলীগড় তেল শোধনাগাৰ আজি ব্যক্তিগত খণ্ডক বিক্ৰী কৰিব ওলাইছে কিয়? আজি লমডিংত আহি ৰেল বিভাগত বহি ৰাজ্যৰ যুৱক-যুৱতীয়ে চাকৰি লৈছে। কিন্তু থলুৱা যুৱক-যুৱতীয়ে তাত চাকৰি কিয় নাপালে বুলি তেওঁ প্ৰশ্ন কৰে। নিৰ্বাচনৰ আগতে তেওঁলোকে টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰা কথা কৈছিল কিন্তু আজি সেই সকল টেট শিক্ষকৰ চাকৰি পুনৰ নিৰীক্ষিণ কৰিব লাগিব বুলি চৰকাৰ খনে ঘোষণা কৰি টেট শিক্ষক সকলক প্ৰতাৰণা কৰিছে। এইখন হল থগবাজ চৰকাৰ বুলি কৈ সমূহ ৰাইজক বিজেপি চৰকাৰক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ইফালে সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। তেখেতে কয়- কংগ্ৰেছৰ তিনিটকীয়া চাউল এটকীয়া কৰিলে। তাৰ বিপৰীতে কেৰাচিন তেলৰ দাম কিমান কৰিলে। বিজেপিয়ে ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত যেতিয়া বিদ্যুত কৰ্তন হলে তেতিয়া দৰিদ্ৰ ৰাইজে কেৰাচিন তেলৰ মূল্য বুজি পায়। দৰিদ্ৰ ৰাইজৰ টকাৰে হিমন্ত আৰু সৰ্বানন্দ আকাশ হেলিকেপ্তাৰ উৰুৱাইছে বুলি তেখেতে বিজেপিক কটাক্ষ কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
Last Updated : Oct 17, 2019, 6:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.