ETV Bharat / state

Burhachapari Reserve Forest : বুঢ়াচাপৰিত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ, মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত পোষ্ট

author img

By

Published : Mar 11, 2023, 9:18 PM IST

বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ (Free movement of royal bengal tiger at Burhachapari) । বন বিভাগৰ কেমেৰাত ধৰা পৰিল এই দৃশ্য । সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে ।

Burhachapari Reserve Forest
বুঢ়াচাপৰিত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ, মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত পোষ্ট

তেজপুৰ, 11 মাৰ্চ : শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বনাঞ্চলত মুক্ত বিচৰণ ঢেকীয়াপতীয়াৰ (Burhachapari Reserve Forest) । বন বিভাগৰ কেমেৰা ট্রেপিঙত ধৰা পৰিছে মুক্ত বিচৰণ কৰা দুটা প্ৰকাণ্ড ঢেকীয়াপতীয়া (Free movement of royal bengal tiger in Burhachapari) । কেমেৰা ট্রেপিঙৰ ফটো সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) । যোৱা ৭ আৰু ৯ মাৰ্চত বন বিভাগৰ দ্বাৰা স্থাপন কৰা এক কেমেৰাত পৃথকে পৃথকে দুটা বাঘ ধৰা পৰে (tiger tracking at Burhachapari reserve forest) ।

উল্লেখযোগ্য যে শোণিতপুৰ জিলা প্ৰশাসনে যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ কৰা উচ্ছেদ অভিযানত মুঠ 2099 হেক্টৰ ভূমি বেদখলৰ কবলৰ পৰা মুকলি কৰে । ইয়াৰ ভিতৰত 1282 হেক্টৰ বনভূমি আৰু 817 হেক্টৰ চৰকাৰী ভূমি মুঠ 2553 টা ঘৰ আৰু 12765 জন লোকক উচ্ছেদ কৰে । উল্লেখযোগ্য যে বুঢ়াচাপৰিত মুঠ 1892 হেক্টৰ ভূমিত 2553 টা ঘৰৰ 11,610 জন লোকে বেদখল কৰি আছিল । উক্ত অঞ্চলত জনবসতি হোৱাৰ বাবে বন্যপ্ৰাণীসমূহ দেখা পোৱা নাছিল । তাৰ বিপৰীতে উচ্ছেদৰ এদিন পিছতে বুঢ়াচাপৰিত বনৰীয়া ম'হ-হাতীয়ে বিচৰণ কৰা দেখা গৈছিল । যোৱা 2020 চনৰ ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ তিনিটা সংযোজন কৰা হৈছিল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যাঘ্র প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন সম্প্ৰসাৰিত কৰে 3 ছেপ্টেম্বৰৰ পৰা । সপ্ততম, অষ্টম আৰু নৱম সংযোজন সামৰি লোৱা হৈছে নগাঁও আৰু শোণিতপুৰ জিলাৰ কেইবাটাও অংশ । এই তিনিটা সংযোজনৰ মুঠ এলেকা হৈছে এনেধৰণৰ, সপ্ততম সংযোজনত 176 হেক্টৰ, নগাঁও জিলাৰ দেউচৰা পালখোবা সংশ্লিষ্ট ৰিজাৰ্ভ ফৰেষ্ট, অষ্টতম সংযোজনত মুঠ 307 হেক্টৰ বান্দৰডুবি, নগাঁও জিলাৰ আৰু নৱম সংযোজন মৌখোৱা চাপৰি শোণিতপুৰ জিলাৰ মুঠ 2570 হেক্টৰ ভূমি সামৰি লোৱা হৈছে বুলি তেওঁ জনায় ।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 430 বৰ্গকিলোমিটাৰ সামৰি আৰু ইয়াৰ ভিতৰত ষষ্ঠ সংযোজন শোণিতপুৰ আৰু বিশ্বনাথ জিলা সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে সংযোজিত হৈ আছে । কিন্তু এই নতুনকৈ সংযোজিত তিনিটা সংযোজন বেদখলৰ কবলত আছিল আৰু বৰ্তমান সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰি চৰকাৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰিব বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল ।

লগতে পঢ়ক :DGP G P Singh visited Burachapori: বুঢ়াচাপৰিত পুনৰ সংস্থাপন কৰা হ'ব গঁড় - জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.