ETV Bharat / state

BRO Project Vartak: দালাই লামাই ভাৰতত প্ৰৱেশ কৰা ঐতিহাসিক পথৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বি আৰ অ’ৱে

author img

By

Published : Mar 14, 2023, 9:24 PM IST

BRO
BRO

বি আৰ অ'ৰ ভৰ্টক প্ৰকল্পৰ অধীনত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ খিঞ্জেমান-জেমিথাং সংযোগী গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ (BRO important road construction in Arunachal) ৷ উল্লেখ্য, এই পথটোৰে ১৯৫৯ চনত দালাই লামাই খোজকাঢ়ি ভাৰতত প্ৰৱেশ কৰিছিল ।

তেজপুৰ, ১৪ মাৰ্চ : ব'ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন (Border Roads Organisation) চমুকৈ বি আৰ অ'ৰ ভৰ্টক প্ৰকল্পৰ (BRO project vartak) অধীনত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ খিঞ্জেমানেৰ পৰা জেমিথাংলৈ সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu) পশ্চিম অৰুণাচল প্ৰদেশৰ ঐতিহাসিক পথ হিচাপে এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে বি আৰ অ'ৰ প্ৰতি কৃতজ্ঞতা জনায় ৷

উল্লেখ্য, 1959 চনত এই পথেদি দালাই লামাই ভাৰতলৈ খোজকাঢ়ি আহিছিল (Dalai Lama enters India through Arunachal) । সেই সময়ছোৱাত এই পথটো এটা জৰাজীৰ্ণ পথ আছিল । পথটোৰে কেৱল খোজকাঢ়ি বা খচ্চৰেৰেহে যাতায়াত কৰিব পৰা গৈছিল । ব'ৰ্ডাৰ ৰোডছৰ প্ৰজেক্ট ভৰ্টকে বৰ্তমান জেমিথাং ৰাজহ চক্ৰৰ অধীনত ভাৰত-ততিব্বত সীমান্তৰ খিনজেমানেক সংযোগ কৰি এই ঐতিহাসিক পথটোৰ এক নতুন ৰূপ দিছে (BRO important road construction in Arunachal) ।

মঙলবাৰে খিনজেমানেৰ পৰা জেমিথাংলৈ যোৱা এই ১১.৫ কিলোমিটাৰ দূৰত্বৰ বৰ্তমান ব্যস্ত পথটোক আধুনিকতভাৱে সকলো বতৰৰ অনুকূল কৰি নিৰ্মাণ কৰা হৈছে । এই পথটো সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰজেক্ট ভৰ্টকৰ কৰ্মচাৰীসকলে অৰুণাচল প্ৰদেশৰ টাৱাংবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ কাৰ্য সমাধা কৰিলে (BRO road construction in Arunachal Pradesh) । উল্লেখ্য যে বৰ্তমান এই পথটো অতি স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে । কাৰণ এই পথটোৱে সীমান্ত সুৰক্ষাত সহায় কৰায়ে নহয়, ঐতিহাসিক পবিত্ৰ স্থান খিনজেমানেক জনসাধাৰণৰ ওচৰ চপাই লৈ যাব ।

সীমান্ত পথ সংস্থাই তেওঁলোকৰ টুইটাৰ হেণ্ডেলযোগে জনাইছে যে, অত্যাধুনিক আন্তঃগাঁথনিৰ জৰিয়তে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে তাৎপৰ্যপূৰ্ণ এনে স্থানসমূহ সংযোগ কৰাত সীমান্ত পথ সংস্থাই সদায় সহায়ক হৈ আহিছে । সীমান্ত পথ সংস্থাৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত জেমিথাং খিনজেমানে পথটো আন এক উল্লেখযোগ্য অৱদান হিচাপে বিবেচনা কৰিছে ।

লগতে পঢ়ক :Akashi Ganga waterfall : আকাশী গংগা জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.