Akashi Ganga waterfall : আকাশী গংগা জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি অভিযান

author img

By

Published : Mar 14, 2023, 7:10 PM IST

Akashi Ganga waterfall

যোৱা কিছু বছৰৰ পৰা ক্ৰমান্বয়ে ঐতিহাসিক আকাশী গংগা জলপ্ৰপাতৰ পানীৰ পৰিমাণ কমি আহিছে (Water level decrease of Akashi Ganga)। যাৰ বাবে শংকিত হৈ পৰিছে শিৱ থান উন্নয়ন সমিতি । জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি সেয়ে দুঃসাহসিক অভিযান চলাইছে ৯ জনীয়া এটা দলে । অৱশ্যে প্ৰতিকূল পৰিস্থিতিৰ বাবে আধাতে সামৰে এই অভিযান ।

আকাশী গংগা জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি অভিযান

ডিফু, ১৪ মাৰ্চ : ঘন অৰণ্য আৰু দুৰ্গম পাহাৰত হাতে হাতে ধনু, দা, যাঠী আদি লৈ ৯ জনীয়া এটা দলে আৰম্ভ কৰিছে বিশেষ অভিযানৰ । লক্ষ্য ঐতিহাসিক আকাশী গংগাৰ জলপ্ৰপাতৰ উৎপত্তিস্থল । পুৱাই আকাশী গংগা শিৱ থানৰ বিষয়ববীয়া আৰু স্থানীয় কেইজনমান লোকৰ নেতৃত্বত চলিছে এই অভিযান (Operation to find origin of Akashi Ganga Falls)।

উল্লেখ্য যে, শেহতীয়াকৈ আকাশী গংগা নিজৰাৰ পানী যথেষ্ট কমি আহিছে (Water level decrease of Akashi Ganga)। যাৰ বাবে শিৱ থানলৈ অহা ভক্ত লগতে স্থানীয় লোকসকল শংকিত হৈ পৰিছে । এই বিষয়টোৰ ৰহস্য ফাদিল কৰাৰ লগতে জলপ্ৰপাতটিৰ উৎপত্তিস্থলৰ সন্ধানৰ বাবে অভিযান চলোৱা হৈছে ৷

হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পাৰখোৱাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আকাশী গংগা শিৱ থানৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি পাহাৰৰ লুঙলুঙীয়া, শিলাময় পথেৰে আৰু কণ্টকময় হাবি ফালি নিৰ্ভীকতাৰে আকাশী গংগা উন্নয়ন সমিতিৰ ৯ জনীয়া দলটো আগবাঢ়িছে (Akashi Ganga waterfalls)। ৰহস্যজনকভাৱে জলপ্ৰপাতৰ পানী হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈয়ে উন্নয়ন সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই অভিযানৰ নেতৃত্ব প্ৰদান কৰে আকাশী গংগা শিৱ থান উন্নয়ন সমিতিৰ সভাপতি মিলাৰাম দেউৰী আৰু সদস্য তথা দুৰ্গম পথ যাত্ৰাৰ অভিজ্ঞতা থকা ভৰত ক্ৰ'য়ে । তেওঁলোকক সংগ দিয়ে সহকাৰী সম্পাদক ৰঞ্জিত দাস, উপদেষ্টা গৌৰাংগ ছন্দ, বিদূৰ দাস, বিজু ছন্দ, ধীৰেন্দ্ৰ দাস, উৎপল লস্কৰ, প্ৰণিত গায়নে ৷ এই অভিযান প্ৰায় ৮ কিলোমিটাৰ হ'ব বুলি ধাৰণা কৰা হৈছে ।

ইফালে দলটোৱে যাত্ৰাৰ সময়ত তিনি-চাৰি ঠাইত পানী বিচাৰি পাইছে যদিও সেই উৎসসমূহতো পানীৰ পৰিমাণ তেনেই কম পোৱা গৈছে ৷ যাৰ বাবে পৰৱৰ্তী উৎসৰ সন্ধানত দলটো আগবাঢ়ি গৈছে (Akashi Ganga waterfall crisis)। শেহতীয়াকৈ জানিব পৰা মতে পাহাৰৰ কিছু ওপৰতে বনৰীয়া হাতীয়ে দলটোৰ যাত্ৰাত হেঙাৰ হিচাপে থিয় দিছে । সন্ধিয়া নামি অহাৰ ফলত উপায়ন্তৰ হৈ দলটোৱে সেয়ে অভিযান আধাতে সামৰি পাহাৰৰ তললৈ নামি আহিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক :Road Accident in Kaliabor: কলিয়াবৰত ট্ৰেভেলাৰ আৰু মাৰুতি ভেনৰ মুখামুখি সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.