ETV Bharat / state

ইয়ুথ ফেষ্টিভেল নেচনেল গেমছত অসমৰ ৫৭ টা সোণ

author img

By

Published : Sep 8, 2022, 2:27 PM IST

দিল্লীত অনুষ্ঠিত ইয়ুথ ফেষ্টিভেল নেচনেল গেমছত(Youth Festival National Games in Delhi)অসমে অৰ্জন কৰে ৫৭টা সোণৰ পদক । এই দলটোৱে ডেকাৰগাঁও ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাত আদৰণি জনায় শতাধিক লোকে ।

Youth Festival National Games in Delhi
ইয়ুথ ফেষ্টিভেল নেচনেল গেমছত অসমৰ ৫৭ টা সোণ

তেজপুৰ, ৮ ছেপ্তেম্বৰ: অসমৰ ক্ৰীড়া জগতলৈ সুখবৰ(Good news for Assam sports)। তেজপুৰ টাউন ক্লাব এছোচিয়েছনৰ(Tezpur Town Club Association)নেতৃত্বত যোৱা ২ ছেপ্তেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত ইয়ুথ ফেষ্টিভেল নেচনেল গেমছত(Youth Festival National Games2022)অসমৰ দলটোৱে বৃহৎ সাফল্য অৰ্জন কৰিছে ।

উল্লেখ্য় যে উক্ত প্ৰযোগিতাত অসমৰ দলটোৱে ক্ৰিকেট,ফুটবল, বাস্কেটবল, খোখো, বেডমিন্টন, ভলীবল, ডবা আৰু যোগাকে ধৰি প্ৰায় ২২ বিধ খেলত অংশগ্ৰহণ কৰে । প্ৰযোগিতাখনিত অসমৰ দলটোৱে ৫৭টা সোণৰ পদক বুটলিবলৈ সক্ষম হয়(Assam win 57 gold medal)।

ক

তদুপৰি এই দলটোৱে ৭টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । অসমৰ ৭০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত । বুধবাৰে নিশা উক্ত দলটোৱে ডেকাৰগাঁও ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাত শতাধিক লোকে ঢোল,তাল আদি বজাই(Welcome to Assam Team at Tezpur)আদৰণি জনায় ।

লগতে পঢ়ক:তিনিচুকীয়াত সদৌ অসম ভিত্তিত প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.