ETV Bharat / state

Assam Sahitya Sabha: মণিকাঞ্চন ক্ষেত্ৰত পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন

author img

By

Published : Jan 30, 2023, 9:12 PM IST

Sahitya Sabha
Sahitya Sabha

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ মাজত মাথোঁ কেইঘন্টামান বাকী । ৩১ জানুৱাৰীৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব এইবাৰৰ সাহিত্য সভাৰ অধিবেশন (Assam Sahitya Sabha Narayanpur session) । ইতিমধ্যে মণিকাঞ্চন ক্ষেত্ৰত স্থাপন কৰা হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্তি ।

মণিকাঞ্চন ক্ষেত্ৰত পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্তি স্থাপন

তেজপুৰ, ৩০ জানুৱাৰী : অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক নাৰায়ণপুৰ অধিবেশনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা । এতিয়া উখল-মাখল পৰিবেশ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰ (Assam Sahitya Sabha Narayanpur session) । এই অধিবেশনৰ প্ৰাকক্ষণত সাহিত্য সভাৰ আদৰণী সমিতি আৰু স্থানীয় লোকৰ দ্বাৰা নাৰায়ণপুৰ ৪ নম্বৰ ৱাৰ্ডত স্থাপন কৰিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি (Assam Sahitya Sabha first president), সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ আৱক্ষ মূৰ্তি (Padmanath Gohain Baruah) ।

এই মূৰ্তি উন্মোচন কৰে আদৰণী সমিতিৰ সভাপতি তথা বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মনাথ গোহাঞি বৰুৱাৰ দুই নাতি তথা অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱা আৰু বিশিষ্ট গিটাৰিষ্ট সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা । একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক তথা আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে পদ্মনাথ গোহাঞি বৰুৱা ।

সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱাৰ জন্ম লখিমপুৰ জিলাৰ নকাৰীত । পৰৱৰ্তী সময়ত তেওঁ তেজপুৰ চহৰৰ কলিবাৰীত কৰ্মজীৱনৰ পাতনি মেলে আৰু তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী পৌৰপতি হিচাপে আগবঢ়োৱা অৱদান আজিও জীপাল হৈ আছে । ১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হৈছিল আৰু এই সভাৰ প্ৰথমগৰাকী সভাপতি হিচাপে নিৰ্বাচিত হয় সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা । ইয়াৰ পিছতে শিৱসাগৰত অনুষ্ঠিত সভাত সভাপতিৰ আসনৰ পৰা গোহাঞি বৰুৱাই বক্তব্য ৰাখিছিল, “জাতীয় অন্তৰম ভাব, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই । আকৌ ভাষাতকৈ সাহিত্য এখোজ আগ । সেই কাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত জাতীয় সাহিত্য তাতোকৈ এখোজ আগুৱাই যায় । গতিকে মানুহৰ জাতি আৰু ধৰ্ম সাহিত্যৰ ভেঁটি হ’লেও সি সাহিত্যৰ আঁচলত ধৰিহে আগবাঢ়িব পাৰে । সাজ-পাৰ আদিয়েও এই বিষয়ত সাহিত্যক পিছ পেলাই আগবাঢ়িব নোৱাৰে ।"

১৯১৮ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ বাবে তেখেত সম্পাদক নিৰ্বাচিত হয় আৰু চন্দ্ৰধৰ বৰুৱা সভাপতি আছিল । উল্লেখযোগ্য যে ইয়াৰ পিছত ১৯৩৩ চনত তেওঁৰ জন্ম ঠাই উত্তৰ লখিমপুৰত অনুষ্ঠিত অসম সাহিত্য সভাত গোহাঞি বৰুৱাক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পূৰ্বে ১৯০৬ চনত ব্ৰিটিছ শাসনৰ সময়ত তদানীন্তন চৰকাৰে তেওঁক ২৫ টকাৰ সাহিত্যিক পেঞ্চন আগবঢ়াইছিল । সুদীৰ্ঘ ৯০ বছৰৰ পাছত অসম সাহিত্য সভাই এইবাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিবেশন উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত কৰিছে । অসম আৰু অসমীয়াৰ মেৰুদণ্ড সদৃশ সাহিত্য সভাৰ চিৰ চেনেহী ভাষা জননী গীতেৰে মুখৰিত হৈ পৰিব মণিকাঞ্চন ক্ষেত্ৰ । লগতে ২৫ টা সমবেত সংগীতেৰে অভ্যাগতসকলক আদৰণি জনোৱাৰ প্ৰচেষ্টাও হাতত লৈছে আদৰণী সমিতিয়ে । উল্লেখ্য, মুঠ ৬ কোটি ৬০ লাখ টকা এইবাৰ সাহিত্য সভাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক :Asam Sahitya Sabha Conference : লক্ষ লক্ষ সাহিত্যানুৰাগীক আদৰিবলৈ সাজু নাৰায়ণপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.