ETV Bharat / state

ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

author img

By

Published : Aug 6, 2020, 9:53 PM IST

Updated : Aug 7, 2020, 2:02 PM IST

ঠেলামৰাৰ পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে এফালে আৰক্ষী-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আনফালে শাসকীয় দলৰেই এগৰাকী বিধায়কে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজক উচতনি দি চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিছে ৷ ঠেলামৰা কাণ্ড সন্দৰ্ভত তীব্ৰ উচতনিমূলক মন্তব্য কৰিছে ঢেকীয়াজুলি সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংঘালে ৷

ASHOK SINGHAL GAVE COMMUNIAL COMMENT ON THELAMORA CONFLICT
ASHOK SINGHAL GAVE COMMUNIAL COMMENT ON THELAMORA CONFLICT

নিউজ ডেস্ক, 6 আগষ্ট : ঠেলামৰা কাণ্ড সন্দৰ্ভত বিৰূপ মন্তব্য বিধায়ক অশোক কুমাৰ সিংঘালৰ ৷ বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ভৰা শিঙৰীত দুই ফৈদৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তথ্য অনুসৰি, ৰাম মন্দিৰৰ ভূমি পূজনৰ উছাহত সমদল উলিয়াইছিল একাংশ লোকে ৷ সেই সমদলৰ মাজতে আন এটা ফৈদৰ সৈতে সংঘটিত হয় সংঘৰ্ষৰ ৷ পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খাই যে, সংঘৰ্ষত আহত হয় 12 জনকৈ লোক ৷ উন্মাদপ্ৰায় হৈ পৰা একাংশ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ কনভয়ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাটাৰ কনভয়ো ৷

ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ

বৃহস্পতিবাৰে এই ঘটনা সন্দৰ্ভত কেতবোৰ উচতনিমূলক আৰু সাম্প্ৰদায়িক মন্তব্য কৰে ঢেকীয়াজুলি সমষ্টিৰ বিজেপিৰ বিধায়কগৰাকীয়ে ৷ যিসময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিছে, তেনে সময়তে সেনা-আৰক্ষীৰ ওপৰত ভৰষা নকৰি নিজেই নিজৰ ব্যৱস্থা ল'বলৈ ৰাইজক উচতোৱা পৰিলক্ষিত হৈছে বিধায়ক সিংঘালৰ মন্তব্যত ৷ তাৰোপৰি বুধবাৰৰ ঘটনাৰ পাচত সমগ্ৰ অঞ্চলটোত সেনাই ফ্লেগ মাৰ্চ কৰিছে যদিও বিধায়ক সিংঘালৰ সাম্প্ৰদায়িক মন্তব্যই ৰাইজক অধিক উত্তেজিত কৰি তোলা সম্ভাৱনাই দেখা দিছে ৷

ঠেলামৰাৰ পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে এফালে আৰক্ষী-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আনফালে শাসকীয় দলৰেই এগৰাকী বিধায়কে সাম্প্ৰদায়িক মন্তব্যৰে ৰাইজক উচতনি দি চূড়ান্ত কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিছে ৷ যদি এই মন্তব্যৰ পাচত কিবা কাৰণত ঠেলামৰাৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেন্তে তাৰ দায়িত্ব মূৰ পাতি ল’ব নে দায়িত্বশীল জনপ্ৰতিনিধি গৰাকীয়ে ৷

দেখা গৈছে যে, ৰাজ্যত দৈনিক সাম্প্ৰদায়িক অথবা চৰকাৰ বিৰোধী মন্তব্য দিয়াৰ বাবে বিভিন্নজনক আইনী শাস্তি প্ৰদান কৰা হৈছে ৷ এতিয়া, এনে বিতৰ্কিত মন্তব্য কৰা অশোক সিংঘালৰ ক্ষেত্ৰত গৃহবিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা ব্যৱস্থা ল’ব নে ? নে আইন প্ৰজাৰ কাৰণেও সুকীয়া আৰু ৰজাৰ কাৰণেও সুকীয়া ৷ সকলো নিৰ্ভৰ কৰিব ঘটনাৰ গুৰুত্ব বুজি গৃহ বিভাগে লোৱা সিদ্ধান্তৰ ওপৰত ৷

লগতে পঢ়ক : এখন ঐতিহাসিক ৰাষ্ট্ৰীয় পতাকা আৰু ইয়াৰ ইতিহাস

Last Updated : Aug 7, 2020, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.