ETV Bharat / state

আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰত প্ৰতিবাদ

author img

By

Published : Jan 20, 2021, 2:26 PM IST

বিগত ১৫ বছৰে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই অহা আশা কৰ্মী সকলে বুধবাৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৭০ হাজাৰ আশা কৰ্মীয়ে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৷

আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰত প্ৰতিবাদ
আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰত প্ৰতিবাদ

তেজপুৰ,২০ জানুৱাৰী: সদৌ অসম আশা কৰ্মী সন্থাৰ সহযোগত শোণিতপুৰ জিলাৰ আশা কৰ্মীয়ে বুধবাৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । বিগত ১৫ বছৰে বুনিয়াদ হিচাপে আশা কৰ্মী সকলে ত্যাগ আৰু নিষ্ঠাৰে জনসাধাৰণৰ মাজত সেৱা আগবঢ়াই আহিছে ৷ যাৰ ফলত অসমত গৰ্ভৱতী মহিলা আৰু শিশুৰ মৃত্যুৰ হাৰ কমাৰ লগতে জনসংখ্যা বৃদ্ধিৰ হাৰো কমিছে বুলি দাবী কৰিছে আশা কৰ্মী সকলে ৷ তৃণমূল কৰ্মীসকলক ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নূন্যতম পৰিতোষিকৰ ওপৰত ৭২টাকৈ গুৰু দায়িত্ব জাপি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে আশা কৰ্মী সকলে। যদিহে এন এইছ এম কৰ্মচাৰীৰ দৰে নিযুক্তি নিদিয়ে তেন্তে আগন্তুক বিধান সভা নিৰ্বাচনত ৭০ হাজাৰ আশা কৰ্মীয়ে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৷

আশাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰত প্ৰতিবাদ


বৰ্তমানৰ ৰাজ্য চৰকাৰে আশা কৰ্মী সকলক এন এইছ এমৰ অধীনত অন্তৰ্ভুক্ত নকৰা বিষয়টোত মৰ্মাহত হৈছে ৰাজ্যৰ আশা কৰ্মী সকলে । ত্যাগ আৰু নিষ্ঠাৰে কাম কৰি অহা সন্থাটোৱে মুঠ ছয়টা দাবী সম্বলিত এখন স্মাৰক পত্ৰও অসমৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰি উল্লেখ কৰে যে, তেওঁলোকৰ এন এইছ এম কৰ্মচাৰীৰ দৰে নিযুক্তি প্ৰদানৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে । তাৰ উপৰিও ২০১২-১৩ বৰ্ষত প্ৰতিগৰাকী আশা কৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা ১০,০০০ টকা সম্পূৰ্ণকৈ প্ৰদান কৰক, প্ৰতিগৰাকী আশা কৰ্মীৰ নামত অটল অমৃত আৰু আয়ুষ্মান ভাৰতৰ চিকিৎসা কাৰ্ড প্ৰদান আৰু ৬০ বছৰৰ উৰ্দ্ধত কাম কৰি থকা আশা কৰ্মী সকলক অৱসৰ দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ আবাসিক অঞ্চললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.