ETV Bharat / state

ৰামদেৱক অৰুণাচলত জৈৱ বৈচিত্ৰ উদ্যান স্থাপনৰ আহ্বান বনমন্ত্ৰীৰ

author img

By

Published : Sep 10, 2021, 2:22 PM IST

biodiversity park
ৰামদেৱক অৰুণাচলত জৈৱ বৈচিত্ৰ উদ্যান স্থাপনৰ আহ্বান বনমন্ত্ৰীৰ

অৰুণাচলৰ পৰিৱেশ আৰু বনমন্ত্ৰী মামা নাটুঙে বিশেষ আহ্বান জনাইছে বাবা ৰামদেৱক । ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণক সাক্ষাৎ কৰি ৰাজ্যখনত পতঞ্জলিৰ আৰ্হিত অত্যাধুনিক উদ্যান স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰৰ বৈজ্ঞানিক গৱেষণা আৰু সংৰক্ষণৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

তেজপুৰ, ১০ ছেপ্টেম্বৰ : এইবাৰ অৰুণাচল প্ৰদেশত যোগ গুৰু বাবা ৰামদেৱৰ পতঞ্জলিৰ (Patanjali) আৰ্হিত জৈৱ বৈচিত্ৰ উদ্যান (Biodiversity Park) স্থাপনৰ প্ৰচেষ্টা । অৰুণাচলৰ পৰিৱেশ আৰু বনমন্ত্ৰী মামা নাটুঙে (Forest Minister Mama Natung) বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ পতঞ্জলি যোগপীঠ আৰু গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে আৰু স্বামী ৰামদেৱ (Ramdev) আৰু আচাৰ্য বালকৃষ্ণক অৰুণাচলত এখন অত্যাধুনিক জৈৱ বৈচিত্ৰ উদ্যান স্থাপনৰ আহ্বান জনায় ।

biodiversity park
ৰামদেৱক অৰুণাচলত জৈৱ বৈচিত্ৰ উদ্যান স্থাপনৰ আহ্বান বনমন্ত্ৰীৰ

মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশত এখন অত্যাধুনিক উদ্যান স্থাপনৰ লগতে আৰু ৰাজ্যখনৰ জৈৱ বৈচিত্ৰৰ বৈজ্ঞানিক গৱেষণা আৰু সংৰক্ষণৰ বাবেও আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে ভাৰতত বিশেষকৈ অৰুণাচলত আয়ুৰ্বেদ আৰু সিদ্ধাৰ দৰে পৰম্পৰাগত ঔষধ প্ৰণালীৰ প্ৰচাৰ আৰু ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানক অৰুণাচল প্ৰদেশত এনে সম্ভাৱনা উদ্ঘাটনৰ বাবে আমন্ত্ৰণ জনায় ।

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক ঔষধি গুণ সম্পন্ন উদ্ভিদ পোৱা যায় । ইয়াৰ পূৰ্বে ২০১৪ চনত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম শোণিতপুৰ জিলাৰ ঘোঁৰামাৰীত পতঞ্জলি হাৰ্বেল ফুড পার্কৰ লগতে অৰুণাচল প্ৰদেশৰ চিজোচাত (পাক্কে-কেচাং) পতঞ্জলিৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল যদিও সেয়া অনুষ্ঠানিকতা হৈয়ে থাকিল ।

মন্ত্ৰী নাটুঙে ৰামদেৱ আৰু বালকৃষ্ণক ৰাজ্যখনত আয়ুৰ্বেদ-আধাৰিত ড্ৰাগ ডি-এডিকচন চেণ্টাৰ স্থাপন কৰিবলৈও অনুৰোধ জনায় । দুয়োজনে মন্ত্ৰীজনক এই সন্দৰ্ভত সহায়ৰ আশ্বাস দিয়ে । বৈঠকত চিজোচাৰ পাক্কে-কেচাং পতঞ্জলিৰ প্ৰকল্প সম্পৰ্কীয় বিষয়সমূহো আলোচনা কৰা হয় । কিন্তু পৰৱৰ্তী সময়ত এই সমগ্ৰ প্ৰকল্পৰ কাম কিদৰে আগবঢ়াই নিব সেয়া বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণৰ ওপৰত নিৰ্ভৰ কৰিব ।

লগতে পঢ়ক :'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.