ETV Bharat / state

Sangsad Khel Spardha 2023 : অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব সাংসদ খেল স্পৰ্ধা ২০২৩

author img

By

Published : Feb 24, 2023, 9:13 PM IST

Arunachal
Arunachal

অৰুণাচলত অনুষ্ঠিত হ’ল সাংসদ খেল স্পৰ্ধা-২০২৩-ৰ পৰ্যালোচনা বৈঠক (Sangsad Khel Spardha 2023 in Arunachal) । বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডু । চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগৰ আশ্বাস ।

তেজপুৰ, ২৪ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব 'সাংসদ খেল স্পৰ্ধা-২০২৩' (Sangsad Khel Spardha 2023) । এই 'সাংসদ খেল স্পৰ্ধা-২০২৩'-ৰ সফল আয়োজনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে শুকুৰবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal Pradesh CM Pema Khandu) অৰুণাচল অলিম্পিক সন্থাৰ সৈতে এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সমৰ্থনৰ আশ্বাস দি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) দৃষ্টিভংগী অনুসৰিয়ে এই ক্ৰীড়া অনুষ্ঠান (Sangsad Khel Spardha 2023 in Arunachal) ।

ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে যাতে তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত স্থান লাভ কৰিব পাৰে । তাৰ বাবেই এক সুকীয়া প্ৰচেষ্টা হাতত লোৱা হৈছে । তেওঁ লগতে কয় যে, ‘সাংসদ খেল স্পৰ্ধা’ক গণ ক্ৰীড়া কাৰ্যসূচী হিচাপে জনপ্ৰিয় কৰাৰ বাবে যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া সংস্কৃতিৰ ক্ষেত্ৰত উৎসাহিত কৰা আৰু তেওঁলোকৰ ক্ৰীড়া প্ৰতিভাক বিকশিত কৰাৰ বাবে এক পদক্ষেপ ।

ৰাজ্যৰ ক্ৰীড়াক জনপ্ৰিয় কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ পেৰা অলিম্পিক এছ’চিয়েচনৰ কাম-কাজৰো শলাগ লয় (Arunachal Pradesh Pera Olympic Association) । অৰুণাচল অলিম্পিক সন্থাৰ (Arunachal Olympic Association) সচিব প্ৰধান বামাং টাগোৱে বৈঠকৰ সময়ত ‘সাংসদ খেল স্পৰ্ধা’ৰ সূচাৰুৰূপে পৰিচালনাৰ বাবে চলি থকা প্ৰস্তুতিমূলক কামৰ বিষয়ে বিতংভাৱে উপস্থাপন কৰে ।

পৰ্যালোচনা বৈঠকত আই আৰ এছৰ সচিব তথা ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনিৰুদ্ধ সাৰণ সিং, ক্ৰীড়া সঞ্চালক তাদাৰ আপা আৰু অৰুণাচল অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি আব্ৰাহম কে টেচি, উপ-সভাপতি টোকো টেকিকে ধৰি ৰাজ্যৰ আগশাৰীৰ ক্ৰীড়া প্ৰচাৰকসকলেও অংশগ্ৰহণ কৰে । অৰুণাচল প্ৰদেশ অলিম্পিক এছোচিয়েচনৰ কোষাধ্যক্ষ বুলাং মাৰিক, এ পি এফ এৰ মহাসচিব কিপা অজয় ​​আৰু অৰুণাচল প্ৰদেশ পেৰা অলিম্পিক এছ’চিয়েচনৰ মহাসচিব টেচি সোনুও উপস্থিত থাকে ।

লগতে পঢ়ক :Honey Trapped by Pak Woman: চোৰাংচোৱা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ DRDO বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.