ETV Bharat / state

Ajanta Neog in Rangapara: ৰঙাপৰাত মন্ত্ৰী অজন্তা নেওগৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন

author img

By

Published : Jul 24, 2022, 3:25 PM IST

ajanta neog visited flood affected areas of rangapara
শোণিতপুৰৰ ৰঙাপৰা সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন

প্ৰলয়ংকাৰী বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল শোণিতপুৰৰ বিস্তীৰ্ণ অঞ্চল(Vast areas of Sonitpur was affected in Flood) । বানত সৰ্বস্ব হেৰুৱাইছিল বহুজনে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অন্যান্য মন্ত্ৰীসকলৰ সমান্তৰালভাৱে দেওবাৰে ৰঙাপৰাত উপস্থিত হয় বিত্ত মন্ত্ৰী অজন্তা নেওগ । বুজ ললে বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ(Ajanta Neog takes stock of damage caused to flood affected people) ।

ৰঙাপৰা,২৪ জুলাই: দেওবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টি তথা চাৰিদুৱাৰ ৰাজহ চক্ৰৰ এলেকাত জৰাসৰ আৰু মানশিৰি নৈৰ বাঢ়নি পানীয়ে ক্ষতিসাধন কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে অসম চৰকাৰৰ বিত্ত তথা শিশু আৰু মহিলা উন্নয়ন বিকাশ বিভাগৰ মন্ত্রী অজন্তা নেওগে(Vast areas of Sonitpur was affected in Flood) । ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বামগাঁও, পাকবিল, বামগাওঁ চাহ বাগিচাৰ লগতে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা অংগনাৱাড়ী কেন্দ্ৰ আৰু দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়(Ajanta Neog takes stock of damage caused to flood affected people) ।

শোণিতপুৰৰ ৰঙাপৰা সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ বান বিধস্ত অঞ্চল পৰিদৰ্শন

বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা লব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে । বামগাঁও চাহ বাগিচাৰ সমীপত একাংশ লোকে নীতি বৰ্হিভূতভাৱে বাগিচাৰ পানী ওলাই যোৱা পথত পুখুৰী খন্দাৰ ফলত পানী ওলাই যাব নোৱাৰাত সমগ্ৰ বাগিচাৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চল বানপানীৰ সমস্যা বৃদ্ধি পোৱা বুলি স্থানীয় ৰাইজে মন্ত্রী গৰাকীৰ ওচৰত অভিযোগ উত্থাপন কৰে । লগে লগে মন্ত্ৰী গৰাকীয়ে এই বিষয়টোৰ ওপৰত শীঘ্ৰে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তক ।

লগতে পঢ়ক: State level martial arts competition: সোণেৰে উজ্বলিল টীয়কৰ কণমানি অহিৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.