ETV Bharat / state

তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

author img

By

Published : Feb 20, 2021, 7:42 PM IST

শনিবাৰে তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক কৰা হ'ল 9 জনকৈ সন্দেহজনক নাগৰিকক ৷ কঠুৰ নিৰাপত্তা বেষ্টনিৰ মাজতে লোক কেইজনে ভুৱা আধাৰ কাৰ্ড দেখুৱাই শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল তেজপুৰ বায়ুসেনা চাউনীত ৷

9-suspected-citizens-in-indian-air-force-in-tezpur
তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

তেজপুৰ,২০ ফেব্ৰুৱাৰী : শনিবাৰে তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক কৰা হ'ল 9 জনকৈ সন্দেহজনক নাগৰিকক ৷ কঠুৰ নিৰাপত্তা বেষ্টনিৰ মাজতে লোক কেইজনে ভুৱা আধাৰ কাৰ্ড দেখুৱাই শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল তেজপুৰ বায়ুসেনা চাউনীত ৷

এক গোপন সু্ত্ৰৰ পম খেদি তেজপুৰ আৰক্ষীয়ে আটক কৰে এই শ্ৰমিক কেইজনক ৷ শুকুৰবাৰে এই 8 জন শ্ৰমিকক আটক কৰাৰ পিচতে শনিবাৰে আজগৰ আলি নামৰ আন এজন শ্ৰমিককো আটক কৰিলে আৰক্ষীয়ে ৷ পূৰ্বে আটক হোৱা 8 জন শ্ৰমিকৰ নাম ক্ৰমে মহম্মদ ছাহজাহান এছ কে, হাচিনোৰ আলি, ছাজামল এছ কে, ছাৱদান হুছেইন আলি, ছাহিদৰ ৰহমান ইছলামকছাৰ আলিনুৰ ইছলাম, ৱাহিদুল ইছলাম ।

তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভুৱা আধাৰ কাৰ্ডৰ বিষয়টোৰ মাষ্টাৰ মাইণ্ড আছিল দক্ষিণ শালমৰাৰ মানকাছাৰৰ যুৱক আজগৰ আলি ৷ এইজন আজগৰ আলিয়ে বাকী 8 জন শ্ৰমিকক ভূৱা আধাৰ কাৰ্ড বনাই দিছিল ৷ লগতে তেজপুৰ সেনা চাউনীত গৃহ নিৰ্মাণত নিয়োজিত কৰি দিছিল শ্ৰমিক কেইজনক ৷ ইতিমধ্যে লোক কেইজনৰ বিৰুদ্ধে শালনিবাৰী আৰক্ষী চকীত 374/21 নম্বৰত u/s 468/143 ipc ধাৰাত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.