ETV Bharat / state

শোণিতপুৰৰ ৰঙাপৰাত 70 সংখ্যক শিল্পী দিৱস উদযাপন

author img

By

Published : Jan 18, 2021, 10:28 AM IST

জ্যোতি সংগীতেৰে মুখৰিত হৈ পৰিল ৰঙাপৰা আগৰৱালা সমিতিৰ প্ৰেক্ষাগৃহ। মাৰোৱাৰী সন্মিলন,ৰঙাপৰা শাখাৰ উদ্যোগত আৰু ৰঙাপৰা সমন্বয় সমিতিৰ সহযোগত উদযাপন কৰা হয় 70 সংখ্যক শিল্পী দিৱস ৷

আগৰৱালা সমিতিৰ প্ৰেক্ষাগৃহত 70 সংখ্যক শিল্পী দিৱস উদযাপন
আগৰৱালা সমিতিৰ প্ৰেক্ষাগৃহত 70 সংখ্যক শিল্পী দিৱস উদযাপন

ৰঙাপৰা,18 জানুৱাৰী : জ্যোতি সংগীতেৰে মুখৰিত হৈ পৰিল ৰঙাপৰা আগৰৱালা সমিতিৰ প্ৰেক্ষাগৃহ। সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো মাৰোৱাৰী সন্মিলন,ৰঙাপৰা শাখাৰ উদ্যোগত আৰু ৰঙাপৰা সমন্বয় সমিতিৰ সহযোগত 70 সংখ্যক শিল্পী দিৱস উদযাপন কৰা হয় ৷ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী জনাই আমন্ত্ৰিত অতিথিসকলে ৷

আগৰৱালা সমিতিৰ প্ৰেক্ষাগৃহত 70 সংখ্যক শিল্পী দিৱস উদযাপন

অনুষ্ঠানটিত ৰঙাপৰাৰ এটি শিল্পীৰ দলে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্বৰচিত 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক গীতটো সমৱেতভাৱে পৰিৱেশন কৰি সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সমন্বয় সমিতিৰ সম্পাদক বিপুল মেছে আঁত ধৰা অনুষ্ঠানটিত বিবেকানন্দ আৰ্ট ও সংগীত বিদ্যালয়ৰ শিশু শিল্পী ময়ুস সেন,দৰ্শিকা মেছ,পংকজ দাস,ত্ৰিদীপ বসুমতাৰী,পৰিস্মৃতা নাথ,নন্দিনী চাহানী,মহেশ ওৰাং,সাগৰ ওৰাং,ময়ুস সেন,অদিতি গুহকে ধৰি কেইবাগৰাকী শিল্পীয়ে জ্যোতি সংগীত পৰিৱেশন কৰে ৷

তাৰোপৰি সাংস্কৃতিক অনুষ্ঠানটিত জ্যোতি প্ৰসাদ আগৰৱালাৰ স্বৰচিত আবৃত্তিত তনয় ৰয়,অমিত মূৰ্খাজীৰ দ্বাৰা পৰিচালনা কৰা এটি দলে নৃত্য পৰিৱেশন কৰে ৷ লগতে জ্যোতিস্মিতা দেৱে এটি জ্যোতি নৃত্য পৰিৱেশন কৰে ৷

লগতে পঢ়ক : সমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.