ETV Bharat / state

আমগুৰিত জনাঞ্চলত বনৰীয়া হাতীৰ মুকলি বিচৰণ

author img

By

Published : Jan 5, 2021, 10:09 AM IST

দীৰ্ঘদিন ধৰি দিখৌমুখ অঞ্চলত আতংকৰ সৃষ্টি কৰি থকা এটা বনৰীয়া হাতীক খেদি পঠিয়ালে শিৱসাগৰ বন বিভাগে ৷ আমগুৰি সমষ্টিৰ কংগ্ৰেছ নেত্ৰী ড৹ অংকিতা দত্তই শিৱসাগৰ জিলা উপায়ুক্তক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে বন বিভাগে ৷

As_Amg_wild-elephant-roaming-freely-near-residential-areas_img_AS10033
আমগুৰিত জনাঞ্চলত বনৰীয়া হাতীৰ মুকলি বিচৰণ

আমগুৰি,5 জানুৱাৰী: শিৱসাগৰৰ দিখৌমুখত বন বিভাগৰ তৎপৰতাত খেদি পঠিওৱা হ’ল এটা বনৰীয়া হাতী ৷ দীৰ্ঘদিন ধৰি দিখৌমুখ অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছিল হাতীটোৱে ৷ ইতিমধ্যে পুৰণিগুডাম, গটঙা, ৰূপহীমুখ, মিছিং গাঁৱত উপদ্ৰৱ চলাই জনাঞ্চলৰ লগতে খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন কৰিছিল হাতীটোৱে ৷

As_Amg_wild-elephant-roaming-freely-near-residential-areas_img_AS10033
অংকিতা দত্তৰ শিৱসাগৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ

ৰাইজে এই সন্দৰ্ভত বন বিভাগক বাৰাম্বাৰ অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছিল বন বিভাগৰ বিৰুদ্ধে ৷ কিন্তু অৱশেষত আমগুৰি সমষ্টিৰ কংগ্ৰেছ নেত্ৰী ড৹ অংকিতা দত্তই শিৱসাগৰ জিলা উপায়ুক্তক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ তৎপৰাত শিৱসাগৰ বন বিভাগৰ লোকে সোমবাৰে নিশা হাতীটোক দিচাংমুখ গড়ভগালৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷

লগতে পঢ়ক-অস্তিত্ব বিপদাপন্ন হৈ পৰিছে কেঁচাইখাটি পুখুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.