ETV Bharat / state

সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

author img

By

Published : Feb 19, 2021, 4:57 PM IST

Updated : Feb 19, 2021, 5:08 PM IST

সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰাখী অসম ওৰফে দীপা গগৈৰ । আলফা স্বাধীনৰ স্বামী তথা পৰিয়ালৰ নিৰাপত্তাৰ স্বাৰ্থত আলফা ত্যাগ পত্নীৰ ।

ulfa-surrender-at-sonari
সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

সোণাৰি, 19 ফেব্ৰুৱাৰী : সোণাৰি আৰক্ষীৰ ওচৰত পুনৰ সন্তানসহ আলফা (স্বা) ৰ মহিলা কেডাৰৰ আত্মসমৰ্পণ ৷ আলফা স্বাধীনৰ স্বামী তথা পৰিয়ালৰ নিৰাপত্তাৰ স্বাৰ্থত আলফা ত্যাগ পত্নীৰ ।

এইবাৰ সন্তানসহ আলফা স্বাধীন ত্যাগ ৰাখী অসম ওৰফে দীপা গগৈৰ । সোণাৰিৰ হাওফাওৰ আলফা কেডাৰ তীব্ৰজিৎ অসম ওৰফে ভটঙৰ পত্নী ৰাখী অসমে ত্যাগ কৰিলে আলফা স্বাধীন ।

সোণাৰি আৰক্ষীৰ ওচৰত সন্তানসহ আত্মসমৰ্পণ মহিলা কেডাৰৰ

2002 চনত আলফা স্বাধীনত যোগদান কৰা কেডাৰ গৰাকীৰ স্বামী সম্প্ৰতি ম্যানমাৰৰ আলফা শিবিৰত আছিল । উল্লেখযোগ্য যে, একমাত্ৰ স্বামী তথা দুই পুত্ৰৰ নিৰাপত্তা চিন্তা কৰিয়েই যোৱা ১৩ ফেব্ৰুৱাৰীত সোণাৰিত আলফা ত্যাগ কৰিছিল অনন্ত লিকচনৰ পত্নী জুৰি অসম ওৰফে নিতালী কছাৰীয়ে ।

লগতে পঢ়ক : নিৰ্বাচনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

Last Updated : Feb 19, 2021, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.