ETV Bharat / state

আমগুৰি দিখৌমুখত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত

author img

By

Published : May 30, 2022, 1:33 PM IST

সততে উন্নয়ণৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়ণৰ ফোপোলা স্বৰূপ । এতিয়াও বহু অঞ্চলত দেখা নগ'ল উন্নয়ণ । আমগুৰিৰ দিখৌমুখৰ একাংশ ৰাইজে আজিও টুলুঙা নাৱৰে পাৰ হয় পাৰাঘাট(Small boat communication on Dikhoumukh of Amguri) । প্ৰতিপলে বিপদ ঘণীভূত ।

terrible communication with small boats in amguri dikhoumukh
আমগুৰি দিখৌমুখত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত

আমগুৰি,৩০ মে': দলঙৰ অভাৱত বিপদসংকুল যাত্ৰা আমগুৰি সমষ্টিৰ দিখৌমুখত(No bridge in Dikhowmukh) । টুলুঙা নাৱৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে(Small boat communication on Dikhoumukh of Amguri) । বছৰৰ পাছত বছৰ পাৰ হৈ যোৱাৰ পাছতো নিৰ্মাণ নহ'ল এখন স্থায়ী দলঙ । যিকোনো মূহুৰ্ত্বত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

দিখৌমুখৰ দেওঘৰীয়া পাৰাঘাটত যাতায়াতৰ একমাত্ৰ ব্যৱস্থা হৈছে মাৰ নাও বা টুলুঙা নাও । স'ৰাগুৰি চাপৰিৰ পাঁচ শতাধিক পৰিয়ালৰে টুলুঙা নাৱৰেই অতি বিপদসংকুলভাৱে যাতায়াত কৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে । বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো একমাত্ৰ ভৰষা টুলুঙা অথবা মাৰ নাও ।

terrible communication with small boats in amguri dikhoumukh
টুলুঙা নাৱৰে বিপদসংকুলভাৱে নাাৱৰীয়াই পাৰ কৰিছে ছাত্ৰ-ছাত্ৰীক

দিখৌ-দৰিকা আৰু ব্ৰক্ষ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থল দেওঘৰীয়া পাৰাঘাটত আজি পৰ্যন্ত নহ'ল এখন স্থায়ী দলং । ৰাজ্যৰ জলপৰিবহন বিভাগৰ দৃষ্টিগোচৰ নোহোৱা দেওঘৰীয়া পাৰাঘাটত সুদীৰ্ঘ বছৰে চলি আহিছে বিপদসংকুলভাৱে টুলুঙা অথবা মাৰ নাও ।

কেনোধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাকৈয়ে মাৰ নাৱৰেই নাৱৰীয়াই পাৰ কৰাই ছাত্ৰ-ছাত্ৰী অথবা ৰাইজক । জীৱনটো হাতৰ মুঠিত লৈ এনেদৰেই প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলে কৰিব লগা হয় যাতায়াত । স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীসকলে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীক শীঘ্ৰে এখন স্থায়ী দলংৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: Encounter at Biswanath : বিশ্বনাথ আৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.