ETV Bharat / state

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যু

author img

By

Published : Jul 10, 2020, 7:09 AM IST

Updated : Jul 10, 2020, 11:17 AM IST

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যু
টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যু

আহোম জনগোষ্ঠীয় লোকৰ এগৰাকী শক্তিশালী নেতা হিচাপে পৰিচিত অশ্বিনী চেতিয়া বহু বছৰধৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ আছিল ৷

শিৱসাগৰ, 10 জুলাইঃ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা অশ্বিনী চেতিয়াৰ মৃত্যু। বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত মৃত্যু হয় বিজেপি নেতা গৰাকীৰ। আহোম জনগোষ্ঠীয় লোকৰ এগৰাকী শক্তিশালী নেতা হিচাপে পৰিচিত অশ্বিনী চেতিয়া বহু বছৰধৰি টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ আছিল ৷ শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিছিল অশ্বিনী চেতিয়াই ৷

নপাম চেতিয়া গাঁৱৰ ঘৰত আজি শেষকৃত্য সম্পন্ন হ'ব অশ্বিনী চেতিয়াৰ নশ্বৰ দেহ

বিগত বহু দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াই যোৱাটো বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। নেতা গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী,সন্তানকে ধৰি বহু আত্মীয়-স্বজন এৰি থৈ যায়। অশ্বিনী চেতিয়াৰ অকাল মৃত্যুত অঞ্চলটো শোকৰ ছাঁ পৰিছে ৷

শিৱসাগৰৰ শক্তিশালী আহোম জনগোষ্ঠীয় নেতা অশ্বিনী চেতিয়াৰ যোৱা নিশা গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত মৃত্যু হয়। বিগত কিছুদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল চেতিয়া।আহোম জনগোষ্ঠীৰ বৃহৎ সংগঠন টাই আহোম ছাত্ৰ সন্থাৰ সৈতে প্ৰায় ২২ বছৰ জড়িত হৈ থকা অশ্বিনী চেতিয়াই সংগঠনটোৰ সভাপতি, মুখ্য উপদেষ্টা আদি পদত কাৰ্যনিৰ্বাহ কৰিছিল।যে টাছুত থকাৰ সময়ত আহোম জনগোষ্ঠীৰ সমস্যা সমূহৰ লগতে আন আন সামাজিক বিষয় সমূহত সৰৱ হৈ পৰা চেতিয়া শিৱসাগৰৰ ৰাইজৰ আস্থাভাজন হৈ পৰিছিল। শিৱসাগৰৰ প্ৰায় ২৬ টা সংগঠনৰ উমৈহতীয়া মঞ্চ জাতীয় ঐক্য মঞ্চ অশ্বিনী চেতিয়াৰ চিন্তাৰ ফচল আছিল । সকলো অনিয়ম-দুৰ্নীতি আদি বিষয়ত সদা সৰৱ চেতিয়াই প্ৰথম পৰ্যায়ৰ কা আন্দোলনটো এক সক্ৰিয় ভূমিকা পালন কৰি চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছিল।অৱশ্যে যোৱা লোক সভা নিৰ্বাচনৰ সময়ত জাতীয়তাবাদী নেতা গৰাকীয়ে হঠাৎ বিজেপি দলত যোগদান কৰে। সেই সময়ত তেওঁ ৰাইজৰ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈছিল । পঞ্চাশ বছৰ বয়সত জীৱন পৰিক্ৰমা শেষ কৰা চেতিয়াৰ মৃতদেহ শিৱসাগৰ আহি পোৱাৰ লগে লগে ৰংঘৰ,শিৱ দ'ল,আটাছুৰ কাৰ্যালয় আদিত বিভিন্ন দল,সংগঠন, ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মৃতদেহ নপাম চেতিয়া গাঁৱৰ ঘৰত উপস্থিত হোৱাৰ পাছত আজি শেষকৃত্য সম্পন্ন হ'ব।

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অশ্বিনী চেতিয়াৰ মৃত্যু
বিভিন্ন দল,সংগঠন, ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
উল্লেখ্য যে, টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা অশ্বিনী চেতিয়াই পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই বিজেপিত যোগদান কৰাৰ পিচত ৰাজ্যজুৰি সমালোচিতও হৈছিল । বিগত ২২ বছৰ ধৰি আটাছুৰ সৈতে জড়িত আছিল অশ্বিনী চেতিয়া। ২০১৬ত বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থান লাভ কৰিছিল চেতিয়াই । ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কার্যসূচীত নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত যোগদান কৰিছিল বিজেপি দলত ৷

আনহাতে এসময়ত শিৱসাগৰৰ ঐতিহাসিক কাৰেংঘৰক ২০১৭ চনত আৰ এছ এছে অশুচি কৰা বুলি কাৰেংঘৰক গাখীৰ ঢালি শুচি কৰা ঘটনাটো,যিটোক আন কিছু সংখ্যকৰ লগতে অশ্বিনী চেতিয়ায়ো নেতৃত্ব দিছিল। পৰৱৰ্তী সময়ত আৰ এছ এছক হুংকাৰ দিয়া অশ্বিনী চেতিয়াৰ এখন ভাইৰেল ফটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ ফটোখনত অশ্বিনী চেতিয়াই নাগপুৰত আৰ এছ এছৰ পোচাক আৰু হাতত লাঠী লৈ সংগঠনটোৰ শিবিৰত অংশগ্ৰহণ কৰা দেখা গৈছিল ৷

TAI AHOM STUDENTS UNION ADVISER AWSHINI CHETIA DIED ETV BHARAT SIVSAGAR NEWS
অশ্বিনী চেতিয়া

ইয়াৰ আগলৈকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আন্দোলন কৰা আটাছুক সন্মুখৰ পৰা নেতৃত্ব দিছিল চেতিয়াই। সদৌ মৰাণ ছাত্ৰ সন্থা, কৃষক মুক্তি,আছু আদিকে ধৰি মুঠ ৭০টা দল-সগঠনৰ সৈতে কৰা এই প্ৰবল আন্দোলনটোৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল অশ্বিনী চেতিয়া।

লগতে চাওকঃ কোভিডৰ সমান্তৰালকৈ উন্নয়নমূলক আঁচনি ৰূপায়নত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Last Updated :Jul 10, 2020, 11:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.