ETV Bharat / state

শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

author img

By

Published : May 10, 2021, 1:58 PM IST

দেওবাৰে নিশা অহা এজাক ধুমুহাই দিখৌমুখৰ তেলিয়াডোঙা, ২ নং আলিমুৰ, চিন্তামণি গড়চুক আদি এলেকাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে ৷

শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

আমগুৰি, ১০মে’ : দেওবাৰে নিশা শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ ৷ বিধ্বংশী ধুমুহাই ভাঙিলে বহু পৰিয়ালৰ বাসগৃহ । ধুমুহাৰ ফলত গৃহহীন বহুকেইটা পৰিয়াল ৷ দিখৌমুখৰ তেলিয়াডোঙা, ২ নং আলিমুৰ, চিন্তামণি গড়চুক আদি এলেকাত ধুমুহাই বহু পৰিয়াল বিধ্বস্ত কৰে ৷

শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

উল্লেখ্য যে, বিধ্বংশী ধুমুহাজাকে বহুলোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ফলত ভড়ালৰ ধান বৰষুণত তিতি যায় ৷ ফলত পৰিয়ালকেইটাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ভুক্তভোগী পৰিয়াল কেইটাই শিৱসাগৰ জিলা প্ৰশাসনক সহায়ৰ বাবে আৱেদন জনাইছে ।

লগতে পঢ়ক : ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জব্দ সুৰক্ষা বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.