ETV Bharat / state

শিৱসাগৰ নগৰৰ সমীপত চুৰি ডিজেল জব্দ

author img

By

Published : Sep 12, 2021, 7:22 PM IST

diesel seized
শিৱসাগৰ নগৰৰ সমীপত চুৰি ডিজেল জব্দ

ডিজেল চুৰি চক্ৰৰ বিৰুদ্ধে সষ্টম শিৱসাগৰ আৰক্ষী । জিলাখনৰ দৰিকাপাৰৰ পৰা বৃহৎ পৰিমাণৰ চুৰি ডিজেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । ঘটনাৰ লগত জড়িত এজন লোক এতিয়াও পলাতক ।

শিৱসাগৰ, ১২ ছেপ্টম্বৰ : একাংশ দুষ্টচক্ৰই ৰাজ্যৰ ভিন্ন প্ৰান্তত পেট্ৰ'ল-ডিজেলৰ চুৰি কাৰ্য অব্যাহত ৰাখিছে । বিশেষকৈ উজনি অসমত পেট্ৰ'ল-ডিজেলৰ চোৰাং কাৰ্যকলাপত এটা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ পৰিছে । তেনে এক চক্ৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলায় ।

শিৱসাগৰ নগৰৰ সমীপত চুৰি ডিজেল জব্দ

অভিযানত শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰৰ পৰা চুৰি ডিজেলৰ ৭ টাকৈ ড্ৰাম জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । দৰিকাপাৰৰ দেৱজিৎ দিহিঙীয়া নামৰ এজন যুৱকৰ ঘৰৰ চৌহদত থকা এটা গুদামৰ পৰা উদ্ধাৰ কৰা হয় চুৰি ডিজেল ভৰ্তি ড্ৰাম কেইটা । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখোৱা বিভিন্ন মালবাহী বাহনৰ পৰা ডিজেলসমূহ চুৰি কৰা হয় ।

বিশেষকৈ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত ব্যৱহৃত বাহনসমূহৰ পৰা বাহনৰ চালকৰ লগত থকা গোপন বুজাবুজিৰে এই তেল চুৰ কৰে উক্ত চক্ৰটোৱে । জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা দলটোৱে অভিযানটোত ১,৫০০ লিটাৰ চুৰি ডিজেল জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে উক্ত ড্ৰামসহ ডিজেল খিনি জব্দ কৰাৰ লগতে ১০৮৫/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে । ইফালে এই কাণ্ডত জড়িত দেৱজিৎ দিহিঙীয়া বৰ্তমানেও পলাতক বুলি সদৰি কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : বৰপথাৰত আৰক্ষীৰ জালত ড্ৰাগছসহ এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.