ETV Bharat / state

শিৱসাগৰ পৌৰসভাক হুংকাৰ শৃংখল চলিহাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:50 PM IST

Sringkhal Chaliha react over ban on e-rickshaw by Sivasagar Municipality
শিৱসাগৰ পৌৰসভাক হুংকাৰ শৃংখল চলিহাৰ

Reaction of Sringkhal Chaliha: ই-ৰিক্সা চালকেৰে সংঘাত শিৱসাগৰ পৌৰসভাৰ । থলুৱাৰ পেটত গোৰ মৰা কাৰ্য সহ্য কৰা নহ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । শিৱসাগৰ পৌৰসভাই অতিৰিক্তভাৱে কৰ প্ৰয়োগ তথা নিষেধাজ্ঞা জাৰি কৰাৰ অভিযোগ একাংশ ই-ৰিক্সা চালকৰ ।

শিৱসাগৰ পৌৰসভাক হুংকাৰ শৃংখল চলিহাৰ

শিৱসাগৰ,২ জানুৱাৰী: ই-ৰিক্সা চালকক শিৱসাগৰ পৌৰসভাই নিষেধাজ্ঞা আৰোপ কৰাক লৈ সৃষ্টি হৈছে তুমূল প্ৰতিক্ৰিয়াৰ । বেটাৰী চালিত ৰিক্সাসমূহক পৌৰসভাৰ এলেকাত চলাচলত বাধা প্ৰদান কৰে শিৱসাগৰ পৌৰসভাই । হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ই-ৰিক্সা চালকৰ মাজত । ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ পৰিছে শিৱসাগৰত চলাচল কৰি থকা ই-ৰিক্সাসমূহৰ চালক ৷

হাজাৰোধিক ই-ৰিক্সা শিৱসাগৰ পৌৰসভাত পঞ্জীয়নভুক্ত হৈ থকাৰ বিপৰীতে প্ৰায় তিনি হাজাৰ ই-ৰিক্সা শিৱসাগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত হৈ আছে ৷ জিলা পৰিবহন কাৰ্যালয়ৰ অধীনত পঞ্জীয়নভুক্ত হৈ থকা ই-ৰিক্সাসমূহৰ ওপৰত শিৱসাগৰ পৌৰসভাই অতিৰিক্তভাৱে কৰ প্ৰয়োগ তথা নিষেধাজ্ঞা জাৰি কৰাৰ অভিযোগ এইসকল ই-ৰিক্সা চালকৰ ৷ তাৰোপৰি শিৱসাগৰ পৌৰসভাই ধাৰ্য কৰি দিয়া কৰৰ টিকত কোনো দালালচক্ৰই অধিক ধন লৈ যোগান ধৰা বুলিও অভিযোগ উত্থাপন কৰে ই-ৰিক্সা চালকসকলে ৷

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই ৷ থলুৱা ই-ৰিক্সা চালকসকলৰ পেটত গোৰ মৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে লাচিত সেনাৰ নেতাগৰাকীৰ ৷

উল্লেখ্য যে শিৱসাগৰ নগৰত চলি থকা ই-ৰিক্সাসমূহৰ সংখ্যাক লৈও বিভিন্ন সময়ত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ই-ৰিক্সাসমূহৰ বাঢ়ি অহা সংখ্যাই বিভিন্ন সময়ত নগৰখনত তীব্ৰ যানজঁটৰ সৃষ্টি কৰি আহিছে ৷ এনে ক্ষেত্ৰত এই সমস্যা সমাধানৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে তথা পৌৰসভাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত পৌৰসভা কৰ্তৃপক্ষই কি স্পষ্টীকৰণ দাঙি ধৰে সেয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়ক: পৰেশ বৰুৱাৰ পন্থা যিয়েই নহওক অন্ততঃ নিজৰ স্থিতিত তেওঁ অটল আছে : ব্ৰজেন হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.