ETV Bharat / state

কৰ আদায়ৰ বাবে অনলাইন ব্যৱস্থা আৰম্ভ শিৱসাগৰ পৌৰসভাৰ

author img

By

Published : Jul 17, 2019, 3:08 PM IST

এতিয়াৰে পৰা পৌৰকৰ আদায় দিবলৈ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন নাই গ্ৰাহকৰ । নিজৰ ম'বাইলৰ জড়িয়তে গ্ৰাহকে আদায় দিব পাৰিব পৌৰকৰ ।

কৰ আদায়ৰ বাবে অনলাইন ব্যৱস্থা আৰম্ভ শিৱসাগৰ পৌৰসভাৰ

শিৱসাগৰ, 17 জুলাই : শিৱসাগৰ নগৰৰ কৰদাতা ৰাইজৰ বাবে ভাল খবৰ । শিৱসাগৰ পৌৰসভাই পৌৰকৰ আৰু সম্পত্তি কৰ সংগ্ৰহৰ বাবে আৰম্ভ কৰিছে অনলাইন সেৱা ৷ বুধবাৰে শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত জিলা উপায়ুক্ত ড0 লক্ষ্মণন এছে আনুষ্ঠানিকভাবে মুকলি কৰে এই সেৱা ৷ জিলা উপায়ুক্তই এই নতুন অনলাইন কৰ আদায় ব্যৱস্থাৰ জৰিয়তে শিৱসাগৰ পৌৰ এলেকাৰ ৰাইজে উপকৃত হ'ব বুলি আশা ব্যক্ত কৰে ।

কৰ আদায়ৰ বাবে অনলাইন ব্যৱস্থা আৰম্ভ শিৱসাগৰ পৌৰসভাৰ

উদ্বোধনী অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋতুৰাজ বৰদলৈ, প্ৰাক্তন পৌৰপতিদ্বয় ৰাণা খান আৰু ৰূপা বৰা, শিৱসাগৰ নাগৰিক সন্থাৰ সভাপতি ৰজনী চাংকাকতি, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, উপ পৌৰপতি আজাদ আলমৰ লগতে বহু জ্যেষ্ঠ নাগৰিক আৰু পৌৰ সদস্য উপস্থিত থাকে ।

Intro:শিৱসাগৰ পৌৰসভাই কৰ সংগ্ৰহ ব্যৱস্থা কৰিলে অনলাইন:এতিয়াৰ পৰা কৰ দিবলৈ নালাগে দীঘলীয়া শাৰীত থিয় হবলৈ-ঘৰৰ পৰাই দিব পাৰিব পৌৰ কৰ।

Story-ONLINE TAX
Ananta Smith
Sivasagar
17th July

A_SVR_17TH_JULY_801-803_ONLINE_TAX_7203499

শিৱসাগৰ নগৰৰ কৰদাতা ৰাইজৰ বাবে ভাল খৱৰ।এতিয়াৰ পৰা আপোনালোকে সকলো ধৰণৰ পৌৰকৰ আদায় দিবলৈ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ দিঘলীয়া শাৰী পতাৰ প্ৰয়োজন নাই।আজিৰ পৰা নিজৰ মবাইলৰ জড়িয়তে প্ৰদান কৰিব পাৰিব পৌৰকৰ।কৰ প্ৰদানত অনলাইন ব্যৱস্থা আৰম্ভ কৰিছে শিৱসাগৰ পৌৰসভাই।


Body:শিৱসাগৰ পৌৰসভাই পৌৰকৰ আৰু সম্পত্তি কৰ সংগ্ৰহ কৰাৰ বাবে অনলাইন সেৱা আৰম্ভ কৰিছে।আজি বিয়লি এই সেৱা শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ লক্ষ্মণন এছে।


জিলা উপায়ুক্ত ডাঃ লক্ষ্মণনে এই নতুন অনলাইন কৰ আদায় কৰাৰ ব্যৱস্থাৰ জৰিয়তে পৌৰ এলেকাৰ ৰাইজে যথেষ্ঠ উপকৃত হব বুলি আশা ব্যক্ত কৰে।

লগতে তেওঁ পৌৰকৰ আদায় কৰিবলৈ পূৰ্বতে হোৱা হাৰাশাস্তিৰ লগতে সময় ৰাহি হব বুলি কয়।

শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া ঋতুৰাজ বৰদলৈ, প্ৰাক্তন পৌৰপতি দ্বয় ৰানা খান আৰু ৰূপা বৰা, শিৱসাগৰ নাগৰিক সন্থাৰ সভাপতি ৰজনী চাংকাকটি, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি,উপ পৌৰপতি আজাদ আলম আদিকে ধৰি নগৰৰ জ্যেষ্ঠ নাগৰিক আৰু পৌৰ সদস্য সকল উপস্থিত থাকে।

Bite:পৌৰনেত্ৰী,শিৱসাগৰ পৌৰসভা

Conclusion:এই নতুন ব্যৱস্থাৰ জড়িয়তে ৰাইজ উপকৃত হোৱাৰ লগতে প্ৰদান কৰা অথবা বকেয়া কৰৰ তথ্য অনলাইনত লাভ কৰিব পাৰিব।লগত লাভ কৰিব অনলাইন ৰছিদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.