শিৱসাগৰত PubG খেলি হেৰুৱালে 19 লাখ টকা

author img

By

Published : Sep 20, 2021, 10:29 AM IST

Sivasagar Boy Looted money from family accounts through online games

অনলাইন গেমৰ বাবে ক'ত যে কি অথন্তৰ ঘটিছে ! ব্লু হুৱেল নামৰ এক অনলাইন গেমৰ বাবে বহু নৱ প্ৰজন্মই আত্মহনন কৰাৰ দৰে ঘটনা ইতিমধ্যে সংঘটিত হৈছে । একেদৰে PubG নামৰ নতুন প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰখা অনলাইন গেমৰ ফলতো বহু ঘটনা মাজে সময়ে সংঘটিত হোৱা শুনা যায় । কিন্তু এইবাৰ PubG ৰ জৰিয়তে শিৱসাগৰত সংঘটিত হৈছে বৃহৎ পৰিমাণৰ ধনৰ হৰলুকি ।

শিৱসাগৰ, 20 ছেপ্টেম্বৰ : অনলাইনে গেমে হ’ল কাল ৷ এগৰাকী নাবালকে অনলাইন গেমৰ বাবেই লুট কৰিলে প্ৰায় 19 লক্ষাধিক টকা ৷ এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত ৷ মাতৃৰ ম’বাইলত PubG খেলি দুষ্টচক্ৰৰ জালত পৰিল এগৰাকী নাবালক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, নাবালক পুত্ৰৰ বাবে এটা পৰিয়ালে হেৰুৱাবলগা হৈছে প্ৰায় ১৯ লাখকৈ টকা ৷ শিৱসাগৰৰ বগীদল নিবাসী জিতু দত্ত নামৰ ব্যক্তিজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত জয়সাগৰ আৰক্ষীয়ে মেটেকা ৰাংচলীয়া গাঁৱৰ নিতুল গগৈৰ পুত্ৰ নিপুৰাজ গগৈ(২১)ক কৰায়ত্ব কৰাৰ লগতে চহৰখনৰ গৌৰৱ নগৰৰ একে পৰিয়ালৰ দুই নাবালকক আটক কৰাৰ কথা জানিব পৰা হৈছে ৷

অনলাইন গেমৰ জৰিয়তে পৰিয়ালৰ একাউণ্টৰ পৰা হৰলুকি ধন

জিতু দত্তই দাখিল কৰা এজাহাৰত বগীদল নিবাসী কুইপ’ কোম্পানীৰ অভিযন্তা জিতু দত্ত আৰু ৰুমী দত্তৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত পুত্ৰই বিগত কেইদিনমানৰ পৰা ম’বাইল ফোনেৰে অনলাইন গেম PubG খেলিছিল ৷ এই গেমৰ মাজতে ৰাংচলীয়া গাঁৱৰ নিপুৰাজ গগৈ নামৰ যুৱকজনৰ লগতে বাইপাছৰ গৌৰৱ নগৰৰ নিবাসী সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়নৰত দুই নাবালকৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল দত্তৰ পুত্ৰৰ ৷

খেলৰ মাজেদি ঘনিষ্ঠতা বৃদ্ধি পোৱা নিপুৰাজ গগৈ নামৰ যুৱকজনে মাতৃৰ ম’বাইলৰে গেম খেলি ৰুমী দত্তৰ নাবালক পুত্ৰক বিভিন্ন কৌশল প্ৰয়োগেৰে মাতৃৰ ম’বাইল ফোনত নেট বেংকিং ব্যৱস্থাৰ সংযোজন কৰিবলৈ বাধ্য় কৰোৱায় ৷

চতুৰ নিপুৰাজে দত্তৰ নাবালক পুত্ৰৰ অজ্ঞতাৰ সুযোগ লৈ বেংকৰ সকলো গোপনীয় তথ্য সংগ্ৰহ কৰাৰ লগতে গেম খেলাৰ মাজতেই UPI পিন নম্বৰ সংগ্ৰহ কৰি ৰুমী দত্তৰ নামত থকা আই চি আই চি আই বেংকৰ পৰা ১৯ লাখ টকা সৰকাই নিয়ে ৷ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত কাৰিকৰীভাৱে অতি পাকৈত নিপুৰাজে বেংকৰ পৰা মাতৃৰ ম’বাইললৈ অহা অ’টিপি সংগ্ৰহ কৰি এই ধন সৰকাবলৈ সক্ষম হয় ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত পলমকৈ অৱগত হোৱাৰ বাবে ভূক্তভোগী পৰিয়ালটোৱে প্ৰৱঞ্চক নিপুৰাজ গগৈ সহিতে গৌৰৱ নগৰৰ দুই নাবালকৰ বিৰুদ্ধে জয়সাগৰ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ ৷

লগতে পঢ়ক : NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

এই এজাহাৰৰ ভিত্তিতে জয়সাগৰ আৰক্ষী চকীৰ সহ উপ পৰিদৰ্শক লোকনাথ বসুমতাৰীয়ে এক অভিযান চলাই শনিবাৰে নিশা মেটেকা ৰাংচলীয়া গাঁৱৰ পৰা নিপুৰাজ দত্তক কৰায়ত্ব কৰাৰ লগতে গৌৰৱ নগৰৰ পৰা দুই নাবালক ভাতৃদ্বয়ক সোধ-পোচৰ বাবে আটক কৰে ৷ বগীদলৰ পৰিয়ালটোৱে এজাহাৰত নাম উল্লেখ কৰাৰ বাবেই কৰায়ত্ব কৰা নাবালক ভাতৃদ্বয়ক প্ৰজ্ঞালয় নামৰ শিশু গৃহত ৰখা হয় ৷

ইতিমধ্যে জয়সাগৰ আৰক্ষী চকীত বগীদলৰ জিতু দত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ১১১৪/২০২১ নম্বৰৰ গোচৰৰ লগতে ভাৰতীয় দণ্ডবিধি ৪২০/৪০৬ ধাৰাত নিপুৰাজক কৰায়ত্ত কৰি আদালতত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷

ইফালে এজাহাৰত নাম উল্লেখ কৰা দুই নাবালক ভাতৃৰ এই প্ৰৱঞ্চনাৰ গোচৰত কোনো হাত নাই বুলি তদন্তকাৰী বিষয়া লোকনাথ বসুমতাৰীয়ে স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে বৰ্তমানলৈ নিপুৰাজৰ জিম্মাৰ পৰা কোনো নগদ ধন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ নিপুৰাজে হৰলুকি কৰা ধন ট্ৰেন্সফাৰ কৰা একাউণ্টকেইটা পৰীক্ষা কৰিলেহে পোহৰলৈ আহিব প্ৰকৃত ছবিখন ৷

লগতে পঢ়ক : যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি; গুৱাহাটী মহানগৰীত খৰচী হৈ পৰিছে যাতায়াত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.