ETV Bharat / state

এইবাৰ শংকৰদেৱক লৈ বিশেষ কাৰ্যসূচী সত্যৰঞ্জন বৰাৰ

author img

By

Published : Aug 14, 2022, 7:25 PM IST

ধৰ্মীয় গোড়ামী,অহেতুক মন্তব্য, উগ্ৰ হিন্দুত্ববাদ আদিৰ পৰা আঁতৰি এইবাৰ শংকৰদেৱমুখী হৈছে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা । আজি শিৱসাগৰ নগৰত সম্বোধন কৰা এক সংবাদমেলত গেৰুৱা বস্ত্ৰধাৰী হিন্দুত্ববাদী নেতাগৰাকী শংকৰদেৱৰ প্ৰতি গদগদ হৈ পৰা পৰিলক্ষিত হয় ৷

Satyaranjan Borah press meet in Sivasagar
এইবাৰ শংকৰদেৱ মুখী হৈছে বিতৰ্কিত হিন্দু নেতা সত্যৰঞ্জন বৰা

শিৱসাগৰ, 14 আগষ্ট: বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা সত্যৰঞ্জন বৰাক এইবাৰ দেখা গ’ল ব্যতিক্ৰমী ৰূপত৷ ধৰ্মীয় গোড়ামী,অহেতুক মন্তব্য, উগ্ৰ হিন্দুত্ববাদ আদিৰ পৰা আঁতৰি এইবাৰ শংকৰদেৱ মুখী হৈছে বিতৰ্কিত উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ।

এইবাৰ শংকৰদেৱ মুখী হৈছে বিতৰ্কিত হিন্দু নেতা সত্যৰঞ্জন বৰা

আজি শিৱসাগৰ নগৰত সম্বোধন কৰা এক সংবাদমেলত গেৰুৱা বস্ত্ৰধাৰী হিন্দু নেতাগৰাকী শংকৰদেৱৰ প্ৰতি গদগদ হৈ পৰে (Press meet by Satyaranjan Borah)। ভাৰতৰ বৈষ্ণব গুৰুসকলৰ ভিতৰত শংকৰদেৱ একমাত্ৰ গুৰু যি গৰাকীয়ে ব্যাপক হাৰত ভাৰত বন্দনা কৰি থৈ গৈছে । কিন্তু তথাপিও আজিৰ ভাৰতীয় লোকে শংকৰদেৱক চিনি নাপায় বুলি তেওঁ মন্তব্য কৰে ৷

লগতে মহাপুৰুষজনাৰ আগন্তুক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বৃন্দাৱনত ১৫ আৰু ১৬ অক্টোবৰত 'সূত্ৰধাৰ' নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা বুলি সদৰী কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ।

তেওঁ লগতে কয় যে, প্ৰতি বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তত এই সূত্ৰধাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । এই কাৰ্যসূচীৰ জড়িয়তে ভাৰতৰ বিভিন্ন প্ৰান্তত শংকৰদেৱৰ সৃষ্টি সমূহ যেনে নৃত্য, গীত, ভাওনা, পদ, শিল্প আদি প্ৰদৰ্শিত কৰা হ'ব বুলিও সত্যৰঞ্জন বৰাই উল্লেখ কৰে ।

লগতে পঢ়ক: অনুভূতিত আঘাত হনাটো মুছলমানৰ চৰিত্ৰ : সত্যৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.