ETV Bharat / city

অনুভূতিত আঘাত হনাটো মুছলমানৰ চৰিত্ৰ : সত্যৰঞ্জন বৰা

author img

By

Published : Jul 5, 2022, 10:05 PM IST

‘‘কোৰবাণীত গৰু দিয়াটো ক’তো লিখি থোৱা নাই বুলি বদৰুদ্দিন আজমলে চিঠিত উল্লেখ কৰিছে (kurbani rituals of islam) । ক’তো লিখা নথকা বস্তু এটা কিয় কৰি আছে । এইকাৰণে কৰি আছে নেকি সনাতন ধৰ্মৰ লোকক আঘাত হনাৰ বাবে । অনুভূতিত আঘাত হনাটো মুছলমানৰ চৰিত্ৰ ।’’ সত্যৰঞ্জন বৰা ৷

kurbani rituals of islam
kurbani rituals of islam

গুৱাহাটী, ৫ জুলাই : সমাগত ঈদ-উল-আজহা বা বকৰিদ (Eid-Ul-Adha)। কোৰবাণী সন্দৰ্ভত মৌলানা বদৰুদ্দিন আজমলে জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয়, ‘‘কোৰবাণীত গৰু দিয়াটো ক’তো লিখি থোৱা নাই বুলি বদৰুদ্দিন আজমলে চিঠিত উল্লেখ কৰিছে । ক’তো লিখা নথকা বস্তু এটা কিয় কৰি আছে (kurbani rituals of islam)। এইকাৰণে কৰি আছে নেকি সনাতন ধৰ্মৰ লোকক আঘাত হনাৰ বাবে । অনুভূতিত আঘাত হনাটো মুছলমানৰ চৰিত্ৰ । লিখা নথকা কাম কৰি থকে আৰু কয় যে কোৰাণে যি কয় তাকে কৰিম । ইফালে কোৰাণত নথকা কাম কৰে ।’’

সত্যৰঞ্জন বৰাই আৰু কয়, ‘‘তেওঁলোকে কোৰানকো বিশ্বাস নকৰে । কোৰাণৰ নামত ভেলকীবাজি কৰে । এই কথা আজমলৰ চিঠিয়ে স্পষ্ট কৰিছে । আজমলে কবলৈ বাধ্য হৈছে । সনাতন হিন্দু সভ্যতাৰ ওচৰত ইছলামী মৌলবাদীয়ে শিৰণত কৰিছে । ইছলামিক মৌলবীয়ে কোৰবাণীত গো হত্যা নকৰিবলৈ কৈছে তাৰ মানে আমি যুদ্ধত জয়ী হৈছোঁ । বদৰুদ্দিন আজমলে ভাৰতীয় সভ্যতা সংস্কৃতি উপলব্ধি কৰিছে তাৰ বাবে আদৰণী জনাইছোঁ’’ (Satyaranjan Borah reacts on Kurbani rituals of Islam)।

অনুভূতিত আঘাত হনাটো মুছলমানৰ চৰিত্ৰ : সত্যৰঞ্জন বৰা

উল্লেখ্য যে, সমাগত কোৰবাণীৰ ঈদত যি জন্তু ব্যৱহাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্র ধর্মীয় কর্তব্য আদায় হয় আৰু কাৰো অনুভুতিত আঘাত নপৰে তেনে জন্তু ব্যৱহাৰ কৰিবলৈ ঈছলাম ধৰ্মালম্বী লোকলৈ আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে ।

তেওঁ বিবৃতি যোগে জনাইছে যে, ভাৰত এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধর্মাৱলম্বী লোকৰ দেশ । এই দেশৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী । সনাতন ধর্মত গৰু এবিধ পূজনীয় জন্তু । গাই গৰুক এই দেশৰ সংখ্যাগুৰু মানুহে মাতৃ-সম জ্ঞান কৰে । এই কথালৈ লক্ষ্য কৰি ২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে ঈদ-উল-আজহাত পাৰ্যমানে কোৰবাণী পৰ্বত গৰু ব্যৱহাৰ নকৰাৰ বাবে এটি ৰাজহুৱা আবেদন জনাইছিল বুলি চিঠিত উল্লেখ কৰি আহ্বান জনাইছে ।

লগতে পঢ়ক: কংগ্ৰেছ বিধায়ক আব্দুল বাতেন খন্দকাৰক উভতি ধৰিলে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.