ETV Bharat / state

দিখৌমুখত এ টি এম হেকাৰে গ্ৰাহকৰ পৰা লুটিলে 2 লক্ষাধিক টকা

author img

By

Published : Jul 29, 2019, 9:54 AM IST

আমগুৰি দিখৌমুখত এটিএম হেকাৰৰ অতপালি ৷ এচ বি আই গ্ৰাহকৰ এটি এম হেক কৰি দুষ্টচক্ৰই লুটিলে প্ৰায় ২.৫০ লাখ টকা ৷

দিখৌমুখত এ টি এম হেকাৰে গ্ৰাহকৰ পৰা লুটিলে 2 লক্ষাধিক টকা

আমগুৰি, ২৯ জুলাই : আমগুৰি দিখৌমুখত এচ বি আই গ্ৰাহকৰ এটি এম হেক কৰি দুষ্টচক্ৰই লুটিলে প্ৰায় ২.৫০ লাখ টকা ৷ দিখৌমুখ উজনি ভৰলুৱা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য শইকীয়াৰ একাউন্ট দুষ্টচক্ৰই হেক কৰি চাৰি দিনত লুটিলে প্ৰায় ২.৫০ লাখ টকা ৷ বিগত ১৭ জুলাইত লাৱণ্য শইকীয়াৰ স্বামী পূৰ্ণ শইকীয়াই ৰংঘৰ চাৰিআলিৰ সমীপৰ এচ বি আই এটি এমৰ পৰা ২০ হাজাৰ টকা উলিওৱাৰ পাচতে ১৮ তাৰিখৰ পৰা ২১ তাৰিখলৈ দুষ্টচক্ৰই লুটিলে প্ৰায় ২.৫০ লাখ টকা । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰস্থিত এচ বি আই শাখাত তদন্তৰ বাবে অৱগত কৰা লগতে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

দিখৌমুখত এ টি এম হেকাৰে গ্ৰাহকৰ পৰা লুটিলে 2 লক্ষাধিক টকা

পৰিয়ালটোৱে জানিবলৈ দিয়া মতে,১৮ জুলাইত নাগালেণ্ডৰ মন জিলাৰ মিছ কবিতা সোনাৰৰ নামত ৪০ হাজাৰ, পামগুণ্ড শিউপ্ৰসাদ পেট্ৰ'ল পাম্পৰ নামত দুবাৰত ২০ হাজাৰকৈ মুঠ ৪০ হাজাৰ এটিএমৰ যোগেদি ট্ৰান্সফাৰ কৰা হৈছে । লগতে ১৯ জুলাইত বৰপেটাৰ নকুল চন্দ্ৰ ডেকাৰ নামত ৪০ হাজাৰ, গুৱাহাটীৰ আনন্দ নগৰ এফ এছ ৰ'ডৰ এ টি এমৰ পৰা দুবাৰত ২০ হাজাৰকৈ মুঠ ৪০ হাজাৰ টকা ট্ৰান্সফাৰ কৰিছে দুষ্টচক্ৰই । এনেদৰে মানসিকভাৱে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য শইকীয়াৰ শাৰীৰিক চিকিৎসাৰ বাবে ৰখা ধনখিনি দুষ্টচক্ৰই লুটি নিয়াত পৰিয়ালটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ । সেয়েহে পৰিয়ালটোৱে প্ৰশাসনক দুষ্টচক্ৰটোক কৰায়ত্ত্বৰ দাবী জনোৱাৰ লগতে এচ বি আইক তদন্তত সহযোগ কৰিবলৈ দাবী জনাইছে ।

Intro:Body:Samiran Duarah
Amguri
29/7/2019

আমগুৰি, ২৯ জুলাই:

আমগুৰি দিখৌমুখত এচ বি আই গ্ৰাহকৰ এটিএম হেক

দুষ্টচক্ৰই লুটিলে ২.৫০ লাখ টকা

দিখৌমুখ উজনি ভৰলুৱা গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য শইকীয়া একাউন্ট দুষ্টচক্ৰই হেক কৰি চাৰি দিনত লুটিলে ২.৫০ লাখ টকা

উল্লেখ্য যে লাৱণ্য শইকীয়াৰ গৌৰীসাগৰস্থিত এচ বি আই শাখাত একাউন্ট আছিল। যোৱা ১৭ জুলাইত লাৱণ্য শইকীয়াৰ স্বামী পূৰ্ণ শইকীয়াই ৰংঘৰ চাৰিআলি সমীপৰ এচ বি আই এটিএমৰ পৰা ২০ হাজাৰ টকা উলিওৱাৰ পিছতে ১৮ তাৰিখৰ পৰা ২১ তাৰিখলৈ দুষ্টচক্ৰই লুটিলে ২.৫০ লাখ টকা।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰস্থিত এচ বি আই শাখাত তদন্তৰ বাবে অৱগত কৰা লগতে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি ১৮ জুলাইত নগালেণ্ডৰ মন জিলাৰ মিছ কবিতা সোনাৰ নামত ৪০ হাজাৰ, পামগুণ্ড শিউপ্ৰসাদ পেট্ৰল পাম্পৰ নামত দুবাৰত ২০ হাজাৰকৈ মুঠ ৪০ হাজাৰ এটিএমৰ যোগেদি ট্ৰেন্সফাৰ কৰিছে।

১৯ জুলাইত বৰপেটাৰ নকুল চন্দ্ৰ ডেকাৰ নামত ৪০ হাজাৰ, গুৱাহাটীৰ আনন্দ নগৰ এফ এছ ৰ'ডৰ এটিএমৰপৰা দুবাৰত ২০ হাজাৰকৈ মুঠ ৪০ হাজাৰ টকা
ট্ৰেন্সফাৰ কৰিছে।

এনেদৰে পৰিয়ালটোৰ একাউন্টত থকা ২.৫০ লাখ টকা দুষ্টচক্ৰটোৱে লুটি নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য শইকীয়া শাৰীৰিক মানসিকভাৱে দীৰ্ঘদিনধৰি অসুস্থ হৈ থকাত চিকিৎসাৰ বাবে ৰখা ধনখিনি দুষ্টচক্ৰই লুটি নিয়াত পৰিয়ালটোত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

পৰিয়ালটোৱে প্ৰশাসনক দুষ্টচক্ৰটোক কৰায়ত্ত্বৰ দাবী জনোৱাৰ লগতে এচ বি আইক তদন্তত সহযোগ কৰিবলৈ দাবী জনাইছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.