ETV Bharat / state

শিৱসাগৰৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ

author img

By

Published : Dec 16, 2021, 2:30 PM IST

শিৱসাগৰৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ(Free roaming of rhino at Dikhowmukh) ৷ মুকলি পথাৰত গঁড় দেখি আতংকিত গাঁওবাসী ৷ কিছুদিনৰ পৰা দুটা গঁড়ে ৰূপহীমুখত মুক্ত বিচৰণ কৰি ফুৰাৰ দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে । কিন্তু বন বিভাগে আজি পৰ্যন্ত গঁড় খেদিবলৈ সক্ষম হোৱা নাই ।

rhino-walking-out-side-forest-at-sivasagar-dikhoumukh
শিৱসাগৰৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ

আমগুৰি , 16 ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man elephant conflict) ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে যথেষ্ট ক্ষতিসাধন কৰা পৰিলক্ষিত হৈছে ৷ বন সুৰক্ষা তথা মানৱজাতিৰ অৱহেলাৰ বাবেই এতিয়া চাৰিওফালে বন ধ্বংস যজ্ঞ আৰম্ভ হৈছে ৷ কেৱল হাতী আৰু মানুহৰ মাজতেই যে সংঘাত হৈছে তেনে নহয় ৷ আন জন্তুৰ সৈতেও অব্যাহত আছে মানুহৰ সংঘাত ৷

অসমৰ আপুৰুগীয়া সম্পদ এশিঙীয়া গঁড় চাবলৈ এতিয়া কাজিৰঙালৈ যাব নালাগে । শিৱসাগৰৰ দিখৌমুখৰ বিভিন্ন অঞ্চলত মুকলি পথাৰত দৌৰি ফুৰে গঁড়(Free roaming of Rhino at Sivasagar) ৷ উল্লেখ্য যে, কিছুদিনৰ পৰা দুুটা গঁড়ে দিখৌমুখত মুক্ত বিচৰণ কৰি ফুৰা দৃশ্য ৰাইজে প্ৰত্যক্ষ কৰিছে ।

শিৱসাগৰ জিলাৰ দিখৌমুখত দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ (Free roaming of rhino at Dikhowmukh) ৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ । বিগত 6 দিন ধৰি দিখৌমুখৰ ৰূপহীমুখত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা এই গঁড়কেইটা মুক্ত বিচৰণ কৰি আছে(Rhino came out side of forest) ।

শিৱসাগৰৰ দিখৌমুখত গঁড়ৰ মুক্ত বিচৰণ

দিখৌমুখৰ ৰূপহীমুখত কেইবাজনো গঞাই প্ৰত্যক্ষ কৰে এই গঁড় দুটাক । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে শিৱসাগৰ বন বিভাগক খবৰ দিয়ে ৷ বুধবাৰে নিশা এই গঁড়কেইটা খেদি পঠাবলৈ শিৱসাগৰ বন বিভাগ আমগুৰি, হালোৱাটিং, আঠখেল, দিচাংমুখৰ বন বিভাগৰ লোকে ৰূপহীমুখৰ বিস্তীৰ্ণ ইকৰাণিৰ মাজে মাজে অভিযান চলায় ।

আনকি, বুধবাৰে বিয়লি 3 বজাৰ পৰা প্ৰায় 5 ঘণ্টা পৰ্যন্ত সাতখনকৈ ট্ৰেক্টৰে গড়কেইটা খেদি পঠাবৰ বাবে বন বিভাগে অভিযান চলায় ৷ বন বিভাগৰ লোকে নিশাৰ এন্ধাৰতো বন্দুকৰ গুলী আৰু ফটকা ফুটুৱাই গঁড় খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে । পিছে বন বিভাগৰ সকলো কষ্ট পানী কৰি বৰ্তমানেও আঁতৰি যোৱা নাই গঁড় দুটা ৷

সম্প্ৰতি ৰূপহীমুখতে বিচৰণ কৰি আছে গঁড়কেইটা ৷ যাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ গঁড় দুটা নিৰাপদ স্থানলৈ নিব নোৱাৰিলে, পৰৱৰ্তী সময়ত হাতীৰ সহায় লৈ গঁড় খেদাৰ চেষ্টা চলাব বুলি বন বিভাগৰ লোকে সদৰী কৰে ৷ বিগত পাঁচদিন পূৰ্বে দিখৌমুখত প্ৰৱেশ কৰা গঁড়কেইটাৱ এতিয়াও উলিয়াই পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ । ইফালে গঁড়ৰ বিচৰণৰ খবৰ লাভৰ পিছতে ভীতিগ্ৰস্ত হৈ গাঁওবাসী ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে ৷

লগতে পঢ়ক : গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত দিখৌমুখবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.