ETV Bharat / state

Dilapidated Road at Amguri: আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 16, 2023, 1:30 PM IST

পথৰ নিৰ্মাণৰ বাবে ৰাইজে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক আবেদন নিবেদন কৰি আহিছে যদিও তেওঁ গুৰুত্ব নিদিয়াত অৱশেষত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে গাঁওবাসী । ৰাইজৰ অভিযোগ পথৰ দুৰাৱস্থাৰ বাবে এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ পৰে ।

Poor road communication in Amguri
আমগুৰি সমষ্টিৰ নামতিআলি গাঁও পঞ্চায়তত বিধ্বস্ত পথ

আমগুৰি সমষ্টিৰ নামতিআলি গাঁও পঞ্চায়তত বিধ্বস্ত পথ

আমগুৰি, ১৬ আগষ্ট: জৰাজীৰ্ণ পথৰ বাবে হাৰাশাস্তি খাবলগীয়া হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰাইজে । ৰাজ্য়ত উন্নয়নৰ শ্ল'গান দিয়া চৰকাৰে অঞ্চলটোৰ বিধ্বস্ত পথবোৰ মেৰামতি নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে ৰাইজ । আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্য়স্ত কৰিবলগীয়া হৈছে ।

স্বাধীনতাৰ ৭৬ বছৰ পিছতো উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱাত আমগুৰি সমষ্টিৰ নামতিআলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ খনামুখ গাঁৱত ক্ষুব্ধ ৰাইজে জনালে প্ৰতিবাদ । আমগুৰি সমষ্টিৰ নামতিআলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ খনামুখ গাঁৱৰ ৰাইজে বিধ্বস্ত পথ মেৰামততিৰ বাবে প্ৰতিবাদ জনাই চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগাম দিয়ে । যাতায়াত,শিক্ষা,স্বাস্থ্য,অনাময় সকলো দিশতে উপেক্ষিত এই গাঁওখন । গাঁওখনৰ কোনো লোকৰ অসুখ হ'লে কোলাত অথবা সাঙী ভাৰ লৈ আনিব লগা হয় । ১০৮ সেৱাই ঢুকি নাপাই গাঁওখনক ।

বাৰিষা সপ্তাহটোত তিনিদিনেই বানপানীৰ কৱলত পৰি ব্যাহত হৈ থাকে যাতায়াত । গাঁৱৰ একমাত্ৰ পথটো বৰষুণ দিলেই বোকাময় হৈ পৰা লগতে বানপানীৰ সৃষ্টি হৈ পথটো বুৰাই পেলোৱাত আৱদ্ধ হৈ পৰে খনামুখ অঞ্চলটো । এই অঞ্চলটোত থকা তিনিখনকৈ বিদ্যালয় বাৰিষা সপ্তাহত তিনি দিনেই বন্ধ কৰিবলগীয়া হয় । একমাত্ৰ পথটো বানপানীয়ে বুৰাই পেলোৱাৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকল ঘৰতেই আৱদ্ধ হ'ব লগীয়া হয় ।

স্থানীয় লোকসকলে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । নামতিআলি গাঁও পঞ্চায়তেও গুৰুত্ব নিদিলে গাঁৱৰ সমস্যা সমাধানত । ফলত ক্ষুব্ধ লোকসকলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে । ৰাইজে অভিযোগ কৰা মতে, নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিসকলে ৰাইজক ভুৱা আশ্বাস প্ৰদান কৰি নিৰ্বাচনৰ পাছত ৰাইজলৈ পিঠি দিয়া বাবে পথৰ উন্নয়ন হোৱা নাই ।

লগতে পঢ়ক:NCB against drug racket: NCB ৰ অভিযানত জব্দ এক কুইন্টলৰো অধিক নিচাজাতীয় টেবলেট; 7 জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.