ETV Bharat / state

Protest in Amguri: আমগুৰিৰ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : May 28, 2023, 7:50 PM IST

Public Protest against PHE Department
পানী যোগান আঁচনি স্থানান্তৰক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ

আমগুৰিৰ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ পানী যোগান আঁচনি স্থানান্তৰক কেন্দ্ৰ কৰি স্থানীয় লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ (Public Protest against PHE Department) ৷

আমগুৰিৰ বৰাহীবাৰীত ৰাইজৰ প্ৰতিবাদ

আমগুৰি, 28 মে’ : শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ বৰাহীবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ পানী যোগান আঁচনি স্থানান্তৰক কেন্দ্ৰ কৰি আজি স্থানীয় লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বৰাহীবাৰী চেউনীয়াল গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় লোকসকলে কোনো কাৰণে নৱনিৰ্মিত পানী যোগান আঁচনি স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰকাশ কৰে (Public Protest against PHE Department in Amguri) ৷

উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগক বৰাহীবাৰী চেউনীয়াল গাঁৱৰ বৰনামঘৰ সমিতিয়ে দুকঠা ভূমি পানী যোগান প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ হস্তান্তৰ কৰিছিল ৷ মাটি হস্তান্তৰ কৰি পানী যোগান আঁচনি স্থাপন কৰিবলৈ ভূমি আবন্টন দিয়াৰ পিচতেই বিভাগটোৱে আঁচনিখন অন্য ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে (Water Supply Scheme) ৷ বিভাগটোৱে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি, মূল্যবান সাঁচিগছ কাটি, বৃহৎ বৃহৎ গাঁত খান্দি আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰাৰ পিচতো বিভাগটোৱে আঁচনিখন অন্য ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰিছে ৷ স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ আনি এতিয়া ক্ষতিপূৰণৰ দাবী জনাইছে (Public Protest against PHE Department) ৷

স্থানীয় লোকে অভিযোগ কৰি কয় যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু এপিডিচিএলৰ কৰ্মচাৰীয়ে ভূমি নিৰ্বাচন কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰাজহুৱা সভা পাতি, স্থানীয় গাঁওবুঢ়াই ভূমি আবন্টনৰ ক্ষেত্ৰত প্ৰমাণপত্ৰ দিয়ে ৷ চৰকাৰীভাৱে বৰাহীবাৰী চেউনীয়াল গাঁৱৰ নামঘৰৰ দুকঠা ভূমি আবন্টন দি জনস্বাস্থ্য কাৰিকৰী বিভাগক হস্তান্তৰ কৰে (Protest in Amguri) ৷

ইয়াৰ পিচতে জনস্বাস্থ্য বিভাগটোৱে হস্তান্তৰিত ভূমিত পানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত বিভাগটোৱে বিদ্যুতৰ অজুহাতত সমগ্ৰ প্ৰকল্পটো নিৰ্দিষ্ট ঠাইৰপৰা হস্তান্তৰৰ পৰিকল্পনা কৰে ৷ স্থানীয় ৰাইজে এই কাৰ্যৰ বিৰোধিতা কৰি কোনো কাৰণতে বিভাগটোৱে এই ঠাইৰপৰা আঁচনি হস্তান্তৰ কৰিবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে ৷ বিভাগটোক নিৰ্দিষ্ট ঠাইতে প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে, অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে স্থানীয় ৰাইজে (Assam Public Health Engineering Department) ৷

লগতে পঢ়ক: Electricity generation in Assam: বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত এতিয়াও বহু পিছপৰি আছে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.