ETV Bharat / state

Hara Gouri Doul : কৰ্তৃপক্ষৰ উদাসীনতাত শোচনীয় অৱস্থা হৰগৌৰী দৌলৰ

author img

By

Published : Oct 15, 2022, 4:56 PM IST

Updated : Oct 15, 2022, 5:12 PM IST

haragouri
haragouri

শিৱসাগৰৰ ঐতিহাসিক সমলসমূহৰ ভিতৰত এটা হৈছে হৰগৌৰী দৌল (Hara Gouri Doul of Sivasagar) । কিন্তু হৰগৌৰী দৌলৰ বৰ্তমানৰ অৱস্থাই সচেতন মহলক ভবাই তুলিছে । বিভিন্ন স্থানত ফাঁট মেলাৰ লগতে বখলা-বখলকৈ খহিবলৈ ধৰিছে শিৱসাগৰৰ জয়সাগৰস্থিত হৰগৌৰী দৌলৰ ইটা ।

শিৱসাগৰ, ১৫ অক্টোবৰ : কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ চূড়ান্ত অকমৰ্ণ্যতা আৰু অদক্ষতাৰ বাবেই ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ইটোৰ পিছত সিটো পৌৰাণিক সম্পদ জহি-খহি যোৱাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Archeological sites of Sivasagar) । শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহৰ সঠিক সংৰক্ষণৰ দাবী জনাই অহা হৈছে যদিও ইয়াৰ বিপৰীত ছবিহে পোহৰলৈ আহিছে ।

Hara Gouri Doul : কৰ্তৃপক্ষৰ উদাসীনতাত শোচনীয় অৱস্থা হৰগৌৰী দৌলৰ

শিৱসাগৰৰ ঐতিহাসিক সমলসমূহৰ ভিতৰত এটা হৈছে হৰগৌৰী দৌল (Hara Gouri Doul of Sivasagar) । কিন্তু হৰগৌৰী দৌলৰ বৰ্তমানৰ অৱস্থাই সচেতন মহলক ভবাই তুলিছে । বিভিন্ন স্থানত ফাঁট মেলাৰ লগতে বখলা-বখলকৈ খহিবলৈ ধৰিছে শিৱসাগৰৰ জয়সাগৰস্থিত হৰগৌৰী দৌলৰ ইটা ।

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ (King Rajeshwar Singha) ৰাজত্বকালতে ১৭ শ শতিকাত নিৰ্মাণ কৰা হৰগৌৰী দৌল বৰ্তমান সঠিক সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে । ঐতিহাসিক দৌলটোৰ বাহিৰৰ বিভিন্ন স্থানত মেলিছে বৃহৎ বৃহৎ ফাঁট । সমান্তৰালভাৱে চাৰিওফালৰ বেৰসমূহ খহি গৈছে । সঠিক সংৰক্ষণ অভাৱত চুঙা বাদুলী, পইতাচোৰা, সাপৰ আশ্ৰয়স্থলীত পৰিণত হৈছে ঐতিহাসিক দৌলটো ।

অথচ নীৰৱ ভূমিকা পালন কৰি আছে জিলা প্ৰশাসন,পুৰাতত্ত্ব বিভাগ আৰু স্থানীয় বিধায়কজনে । আনহাতে, স্থানীয় বিধায়কজনক বৰ্তমান শিৱসাগৰ ৰাইজে লগ পোৱাৰ অৱস্থা হৈছে ।

উল্লেখ্য, ৰাজেশ্বৰ সিংহৰ ৰাজত্বকাল বা তাৰ পৰৱৰ্তী সময়ত এটা অতি গুৰুত্বপূৰ্ণ স্থান আছিল এই হৰগৌৰী দৌল । বিশেষকৈ ৰাজপৰিয়াল তথা অন্যান্যসকলৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল হৰগৌৰী দৌলত । আহাতে, বিশেষত্বৰ ফালৰ পৰাও হৰগৌৰী দৌল আন আন দৌলৰ তুলনাত পৃথক ।

উল্লেখ্য, প্ৰাচীন কীৰ্তিচিহ্ন আৰু ঐতিহাসিক স্থান সংৰক্ষণ আইন, ১৯৫৯ চনৰ অধীনত হৰগৌৰী দৌলটোক প্ৰত্নতাত্ত্বিক স্থান হিচাবে ঘোষণা কৰা হয় ।

এইখিনিতে উল্লেখ কৰি থওঁ যে স্বৰ্গদেৰ্গউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা ঐতিহাসিক ৰংঘৰো চৰকাৰী পক্ষৰ উদাসীনতাৰ বাবেই ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Historical ranghar towards destruction) । বিশেষকৈ ৰংঘৰৰ দেৱালৰ প্লাষ্টাৰ য’তে-ত’তে এৰাই যোৱাৰ উপৰি দেৱালত ভেঁকুৰ গজাৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ অন্তৰ্গত শিৱসাগৰ পুৰাতত্ত্ব বিভাগটোৰ

সম্প্ৰতি অমনোযোগিতাৰ এই সমস্যাৰ উদ্ভৱ হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ । যাৰবাবে এছিয়াৰ প্ৰথম পেভেলিয়নৰূপে খ্যাত ঐতিহাসিক ৰংঘৰটো বিভাগীয় কৰ্তৃপক্ষৰ মনোযোগিতাৰ অভাৱত বিনষ্ট হৈ পৰিছে ।

লগতে পঢ়ক :Online ticket booking in Kaziranga : কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি অনলাইন টিকট বুকিং প্ৰক্ৰিয়া

Last Updated :Oct 15, 2022, 5:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.