ETV Bharat / state

আমগুৰিত শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী

author img

By

Published : Jan 2, 2021, 8:46 AM IST

Updated : Jan 2, 2021, 9:04 AM IST

দিখৌমুখত শাৰিৰীক অনুশীলনত ব্যস্ত এজাক কিশোৰ-কিশোৰী ৷ বিশ্বজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ৷

Physical Training in amguri assam etv bharat news
শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী

আমগুৰি,2 জানুৱাৰী: শিৱসাগৰ জিলাৰ দিখৌমুখত শাৰিৰীক অনুশীলনত ব্যস্ত এজাক কিশোৰ-কিশোৰী ৷ জিলাখনৰ দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত বিশ্বজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী ৷ পূৰ্বে অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ৷

Physical Training in amguri assam etv bharat news
শাৰিৰীক অনুশীলনত ব্যস্ত এদল যুৱক-যুৱতী

উল্লেখ্য যে, অঞ্চলটোত পূৰ্বেও ফুটবল, ভলীবল, টাইকোৱানডোকে ধৰি বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে ৷ স্থানীয় যুৱক-যুৱতীসকলৰ লগতে যোৰহাট, জাঁজী, গৌৰীসাগৰকে বিভিন্ন অঞ্চলৰ ডেৰ শতাধিক যুৱক-যুৱতীয়ে এই অনুশীলনত অংশগ্ৰহণ কৰে ৷ বিশ্বজ্যোতি সংঘৰ এনে পদক্ষেপৰ সকলোৱে শলাগ লৈছে ৷

লগতে চাওকঃ আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

Last Updated : Jan 2, 2021, 9:04 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.