ETV Bharat / state

আমগুৰিত জাপানীজ এনকেফেলাইটিছত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

author img

By

Published : Jul 9, 2022, 10:56 AM IST

One minor girl died of Japanese encephalitis at Amguri in Sivasaga
আমগুৰিত জাপানীজ এনকেফেলাইটিছত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

এফালে বান আনফালে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যত ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক । আমগুৰিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তত হৈ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু (One minor girl died of Japanese encephalitis) ৷

আমগুৰি ৯ জুলাই: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি (Flood in Assam) ক্ৰমাৎ উন্নত হৈছে যদিও কেবাখনো জিলা এই পৰ্যন্ত পানীৰ তলতে আছে ৷ এফালে বান আনফালে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যত ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 7 জুলাই পর্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে (Rise in cases of Japanese encephalitis) ৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে । মৃত্যু হোৱা কেইজনৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ আৰু এজন ধেমাজিৰ (Japanese Encephalitis Outbreak in Assam) ৷

আমগুৰিত জাপানীজ এনকেফেলাইটিছত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু

শেহতীয়াকৈ আমগুৰিত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আমগুৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু ঘটিছে (One minor girl died of Japanese encephalitis at Amguri) ৷ হাতীমূৰীয়া ঘৰফলীয়াৰ উমেশ নেওগৰ কন্যা আকাশী নেওগ বিগত কেবাদিনো ধৰি জ্বৰত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জানিব দিয়ে ৷

পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও যদিও শনিবাৰে মৃত্যু হয় দেওধাই মজলীয়া বিদ্যালয়ৰ ছাত্ৰী আকাশীৰ ৷ ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসা বিভাগক অঞ্চলটোত সজাগতামূলক প্ৰচাৰ কাৰ্য, ধোৱাৰ ব্যবস্থা আৰু স্প্ৰেৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷ আনহাতে, ৰাজ্যত পানীৰ পৰা হোৱা ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে (National Health Mission) বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক সূত্ৰই জনায় ।

লগতে পঢ়ক: ৰাজ্যত ক’ভিড-জাপানী এনকেফেলাইটিছ-ডেংগুৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.