ETV Bharat / state

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ চিন্তা : উন্নত হ’ব নে অসমৰ ক্ৰীড়া আন্তঃগাঁঠনি !

author img

By

Published : Aug 29, 2021, 8:59 PM IST

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতে চিন্তিত অসমৰ একাংশ ক্ৰীড়া সংগঠক । ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁঠনিৰ দুৰৱস্থা দেখি আচৰিত হৈ পৰিছে ক্ৰীড়াবিদসকল । ঐতিহাসিক শিৱসাগৰত এতিয়া ক্ৰীড়াৰ কোনো পৰিৱেশ নাই বুলিয়ে অভিযোগ কৰিছে একাংশ লোকে ।

Sivsagar playground
জিলাখনৰ ক্ৰীড়া আন্ত গাঠনিকলৈ শংকিত শিৱসাগৰবাসী

শিৱসাগৰ, ২৯ আগষ্ট : হকীৰ যাদুকৰ ধ্যান চাঁদৰ জন্মদিন উপলক্ষে 29 আগষ্ট দিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয় । ভাৰতীয় হকী ইতিহাসত বিশ্বৰে এজন সদাস্মৰণীয় ব্যক্তি ধ্যান চাঁদক ভাৰতীয় ক্ৰীড়া উত্তৰণৰ বাবে যুৱপ্ৰজন্মৰ আগত এক আদৰ্শ আৰু উৎসাহ ৰূপে প্ৰতিষ্ঠা কৰিবৰ বাবে ভাৰত চৰকাৰে এই দিৱস উদযাপন কৰি আহিছে । এই দিৱস ভাৰতৰ ক্ৰীড়া মহলৰ সামগ্ৰিক উত্তৰণৰ এক প্ৰয়াসৰূপে পালন কৰি অহা হৈছে ।

জিলাখনৰ ক্ৰীড়া আন্তঃগাঁঠনিকলৈ শংকিত শিৱসাগৰবাসী

কিন্তু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা আমি অনুধাৱন কৰা উচিত যে অসমৰ ক্ৰীড়া সামগ্ৰিক উন্নয়ণ হৈছে নে নাই ? ক্ৰীড়া আন্তঃগাঁঠনিৰ ক্ষেত্ৰত অসম আগবাঢ়ি গৈছে নে নাই ?

এই ক্ষেত্ৰত যদি ঐতিহাসিক শিৱসাগৰৰ কথা কোৱা যায়, আহোম ৰাজত্বকালত থলুৱা ক্ৰীড়াক এক মান প্ৰদান কৰাৰ উদ্দেশ্যে শিৱসাগৰৰ ৰংপুৰত প্ৰতিষ্ঠা কৰা হৈছিল ৰংঘৰ । শিৱসাগৰতে জন্ম অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দৰে বহু ক্ৰীড়াবিদৰ । কিন্তু আজিৰ দিনত শিৱসাগৰৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়ন শূণ্য হৈ পৰিছে ।

শিৱসাগৰৰ তিনিখন খেলপথাৰ ক্ৰমে পিয়লি ফুকন ষ্টেডিয়াম, বৰ্ডিং খেলপথাৰ আৰু দৰবাৰ খেলপথাৰৰ এতিয়া শোচনীয় অৱস্থা । বিগত প্ৰায় চাৰি বছৰে উন্নয়ন আৰু আন্তঃগাঁঠনিৰ অভাৱত খেলৰ অনুপযোগী হৈ পৰি ৰৈছে পিয়লি ফুকন ষ্টেডিয়াম । বাৰিষাৰ পানী আৰু অপতৃণত বুৰ গৈছে শিৱসাগৰ নগৰৰ একমাত্ৰ ষ্টেডিয়ামখন ।

শিৱসাগৰ নগৰৰ পুৰণি আৰু এসময়ত ক্ৰীড়াৰ কেন্দ্ৰবিন্দু হৈ পৰা বৰ্ডিং খেলপথাৰৰো একে শোচনীয় অৱস্থা । এতিয়া কেৱল চৰকাৰী কাৰ্যসূচীৰ স্থান হৈ পৰা এইখন খেলপথাৰ যিকোনো খেলৰ বাবে অনুপযোগী হৈ পৰিছে । সেইদৰে নগৰৰ অন্যতম পুৰণি আৰু তুলনামূলকভাৱে উন্নত খেলপথাৰ দৰবাৰ ফিল্ডো সময়ৰ গৰাহত বিপন্ন হৈ পৰিছে ।

এসময়ত এথলেটিকছ ক্ৰীড়াৰ অনুশীলনৰ অন্যতম স্থান এইখন খেলপথাৰত ছিনথেটিক ট্ৰেক নিৰ্মাণ কৰিবলৈ লৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হ'ল খেলপথাৰখনক । সেইদৰে শিৱসাগৰ নগৰৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা নাই কোনো ক্ৰীড়া উৎকৰ্ষৰ সাধন । নাই অনুশীলনৰ বাবে খেলপথাৰ । নাই কোনো ইণ্ডোৰ ষ্টেডিয়াম ।

এনেস্থলত শিৱসাগৰকে ধৰি অসমত কিদৰে সৃষ্টি হ'ব খেলুৱৈৰ আৰু প্ৰতিভাসমূহ বিকাশৰ বাবে কিদৰে অভিভাৱকে আগবঢ়াই নিব নিজ সন্তানক । ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত শিৱসাগৰৰ এই ছবিয়ে এতিয়া চিন্তিত কৰিছে সচেতন মহলক । চৰকাৰে ক্ৰীড়াৰ উন্নয়নৰ কেৱল শ্ল'গান দি আহিছে । কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত চৰকাৰৰ ক্ৰীড়া আঁচনিৰ কোনো ফলধৰা নাই ।

লগতে পঢ়ক : ক'ভিডে আত্মনিৰ্ভৰশীল হ'বলৈ শিকালে ৰঙিয়াৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.