ETV Bharat / state

Me Dam Me Fi Celebration : শিৱসাগৰত উলহ মালহেৰে মে-ডাম-মে-ফি উদযাপন

author img

By

Published : Jan 31, 2023, 4:23 PM IST

আজি টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শিৱসাগৰৰো বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন কৰা হৈছে মে-ডাম-মে-ফি (Me Dam Me Fi Celebration in Sivasagar) ।

Me Dem Me Fi Celebration in Sivasagar
শিৱসাগৰত উলহ মালহেৰে মে-ডাম-মে-ফি উদযাপন

শিৱসাগৰত উলহ মালহেৰে মে-ডাম-মে-ফি উদযাপন

শিৱসাগৰ,৩১ জানুৱাৰী: আজি ৰাজ্যজুৰি মহা আড়ম্বৰেৰে পালন কৰা হৈছে টাই আহোমসকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি (Me Dam Me Fi Celebration celebration in Assam) । টাই আহোমসকলৰ উপাস্য দেৱতা পুলিন-পুথাওক সোঁৱৰণ কৰি উচৰ্গা কৰা হয় সেৱা-পূজা । উল্লেখ্য, টাই আহোমসকলে পূৰ্বজন্মক বিশ্বাস নকৰে । মৃত্যুৰ পাছত আত্মীয়-কুটুম্বৰ পৰা সেৱা-পূজা আগবঢ়োৱাৰ পাছত মৃতক 'ফি' অৰ্থাৎ দেৱতালৈ পৰিৱৰ্তিত হয় বুলি টাই আহোমসকলে বিশ্বাস কৰে (Tai Ahom festival Me Dam Me Fi) ।

সেয়েহে প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে তেওঁলোকৰ পূৰ্বজসকলক সোঁৱৰণ কৰি এই 'মে-ডাম-মে-ফি' উদযাপন কৰা হয় । এই সেৱা-পূজা আগবঢ়োৱাৰ বাবে অস্থায়ী দেওশাল নিৰ্মাণ কৰি আঠখন শৰাই পাতি লেংডনকে প্ৰমুখ্য কৰি আঠগৰাকী 'ফি' অৰ্থাৎ দেৱতাক পূজা আগবঢ়োৱা হয় (Me Dam Me Fi Celebration 2023) । পূৰ্বপুৰুষসকলক সোঁৱৰণ কৰা এই পূজাত জীৱিত আত্মীয়সকলৰ সুৰক্ষা, সমৃদ্ধি আৰু শান্তি কামনা কৰা হয় ।

উল্লেখযোগ্য যে অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে অহা চাওলুং চুকাফাই প্ৰথম মে-ডাম-মে-ফিৰ আয়োজন কৰিছিল । আনহাতে, পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বৰ্তমানেও মে-ডাম-মে-ফি অনুষ্ঠিত কৰি অহা হৈছে । এই উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ লগতে ৰুদ্ৰ সিংহ উদ্যান, টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰ, বৰ্ডিং খেলপথাৰ আদিতো আজি মে-ডাম-মে-ফি অনুষ্ঠিত কৰা হয় (Me Dam Me Fi Celebration in Sivasagar) । মে-ডাম-মে-ফি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে বিভিন্ন খেল-ধেমালিৰ লগতে পূৰ্বজসকলক সোঁৱৰণ কৰা এই অনুষ্ঠানত বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।

উল্লেখ্য, মে-ডাম-মে-ফিৰ অৰ্থ হৈছে- “মে” মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, “ডাম”- মানে মৃতক আৰু “ফি”- মানে হৈছে দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰায়ে আশীৰ্বাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে । আনহাতে, মে-ডাম-মে-ফিৰ ধৰ্মীয় অনুষ্ঠানতে 'চাওফী' (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় (Me Dam Me Phi 2023) ।

এই পূজাত টাই মলুঙে দহখনকৈ মেহেঙা পাতি ধূপ-দীপ-নৈবেদ্য, বৰা চাউল, কুকুৰা, কুকুৰাৰ কণী, লোকলাওকে ধৰি অন্যান্য নৈবেদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হৈছে খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিম, বা-খিন । টাইৰ এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয় । অন্যান্য পৰম্পৰাৰ দৰে মে-ডাম-মে-ফি পালনৰ বাবেও নীতি-নিয়ম আছে, যাক টাই আহোম ভাষাত 'খয়েক লাই' বুলি জনা যায় ৷

উল্লেখযোগ্য যে চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি স্বৰ্গদেৱে 'মে-ডাম-মে-ফি' পতা বুলি জানিব পৰা যায় । পিছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত 'মে-ডাম-মে-ফি' পতাৰ তথ্য পোৱা যায় । ১৪৯৭-১৫৩৯ চনলৈ শাসন কৰা দিহিঙ্গীয়া ৰজা চুহুং-মুঙে চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পিচত ৰাজ্যজুৰি 'মে-ডাম-মে-ফি' আৰু ৰিখন উৎসৱ পাতিছিল ।

লগতে পঢ়ক: Assam Sahitya Sabha: আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.