আজিও উপেক্ষিত স্বাধীনতা আন্দোলনৰ শ্বহীদ পিয়লি-জিউৰাম

author img

By

Published : Sep 24, 2021, 12:45 PM IST

martyred-piyoli-phukan-and-jiuram-baruah-have-been-neglected-even-today

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছতে অসমত আহোম ৰাজশাসনৰ বেলিমাৰ গ'ল ৷ মানৰ কৱলৰ পৰা অসম উদ্ধাৰৰ অভিযানত নামি বৃটিছ হৈ পৰিল অসমৰ নতুন ভাগ্যবিধাতা ৷ এই দখল,এই পৰাধীনতা মানি লব নোৱাৰিলে পিয়লি ফুকনে ৷ আৰম্ভ হ'ল বৃটিছক অসমৰ পৰা উৎখাত কৰাৰ পৰিকল্পনা ৷ 1830 চনৰ এপ্ৰিল মাহত চাকোলা পিয়লিৰ নেতৃত্বত শিৱসাগৰৰ ৰংপুৰত থকা বৃটিছ খাৰঘৰত জুই দি বৃটিছ সেনাৰ বিৰুদ্ধে আৰম্ভ কৰিলে অভিযান ৷ অৱশেষত ফাঁচীৰ হুকুম হ'ল পিয়লি আৰু জিউৰামৰ ৷ 1830 চনৰ 24 ছেপ্টেম্বৰত শিৱসাগৰ পুখুৰীৰ উত্তৰ পূৱ কোণত দুয়োকে ফাঁচী দিয়া হ'ল ৷

শিৱসাগৰ, 24 ছেপ্তেম্বৰ : দেশৰ স্বাধীনতাৰ বাবে হাঁহি হাঁহি ফাঁচী কাঠত ওলমিবলৈ গৈ "সিঁহতে মোক এবাৰ ফাঁচী দিব মই দুবাৰ আহিম ৷ দুবাৰ ফাঁচী দিব মই দহবাৰ আহিম ৷ বগা বঙালক নেখেদোঁ মানে মই জনমে জনমে ডিঙিত চিপজৰী লম" বুলি বৃটিছক সকিয়াই যোৱা পিয়লি ফুকনৰ আজি মৃত্যুৰ দিন ৷ ১৮৩০ চনৰ আজিৰ দিনটোতে তেওঁৰ লগতে শিৱসাগৰত ফাঁচী দিয়া হৈছিল জিউৰাম দুলীয়া বৰুৱাক ৷

1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু চুক্তিৰ জড়িয়তে অসম বৃটিছ কোম্পানীৰ হাতলৈ যোৱাৰ লগতে আহোমৰ ছশ বছৰীয়া শাসনৰ ওৰ পৰে ৷ হঠাৎ অসমৰ সমস্ত কৰ্তৃত্ব বিদেশী বৃটিছৰ হাতলৈ যোৱাত দেশ স্বাধীন কৰিবলৈ মন তগবগাই থকা একাংশৰ নেতৃত্ব গ্ৰহণ কৰে পিয়লি ফুকনে ৷ এই পিয়লি ফুকন হৈছে অসমলৈ মান সেনা মাতি আনি ইতিহাসৰ পাতত কুখ্যাত হৈ পৰা বদন বৰফুকনৰ পুতেক ৷ বাপেকে দেশৰ প্ৰতি কৰা বিশ্বাসঘাটকতাক মচিবলৈ পিয়লি ফুকন সাজু হ'ল ৷

আজিও উপেক্ষিত শ্বহীদ পিয়লি-জিউৰাম

সৰুৰে পৰা লেঙেৰা পিয়লিয়ে চাকোলা বা পেং লৈ ঘূৰাৰ বাবে তেওঁ চাকোলা পিয়লি ৰূপে বিখ্যাত আছিল ৷ পিয়লিৰ নেতৃত্বত ৰংপুৰৰ বৃটিছ খাৰঘৰত জুই দিয়াৰ লগতে সৈন্য থকা বেৰেকত আক্ৰমণৰ পৰিকল্পনা চলিল ৷ বৃটিছ কোম্পানী বিৰোধী এই ষড়যন্ত্ৰত পিয়লিৰ সংগী হল জিউৰাম, ৰূপচন্দ্ৰ কোঁৱৰ, দেউৰাম দিহিঙীয়া ফুকন,বম চিংফৌ,হৰনাথ বৰগোহাঞি আদি ৷

পৰিকল্পনা অনুসৰি 1830 চনৰ 25 মাৰ্চ তাৰিখে ৰংপুৰৰ খাৰঘৰত জুই দিয়া হ'ল ৷ বৃটিছ সেনাৰ তৎপৰতাত দুজন সংগ্ৰামীৰ থিতাতে মৃত্যু হয় ৷ পিয়লি ফুকনক ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ পাছলৈ সকলোকে গ্ৰেপ্তাৰ কৰা হয় ৷ অৱশেষত সেই সময়ৰ বৃটিছ কোম্পানীৰ দেৱান মণিৰামৰ পৰামৰ্শ অনুসৰি নিউভিল চাহাবে পিয়লি আৰু জিউৰামৰ ফাঁচীৰ হুকুম দিয়াৰ লগতে বাকী সকলক জেইলৰ হুকুম দিয়ে ৷ সেই মৰ্মে 1830 খ্ৰীষ্টাব্দৰ 24 ছেপ্টেম্বৰত দুয়োকে শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচী দিয়া হয় ৷

লগতে পঢ়কঃ কংগ্ৰেছৰ ২১২ জনৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ

সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বৃটিছৰ বিৰুদ্ধে যুঁজ দি ফাঁচী কাঠত উঠা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা প্ৰথম যদিও ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ ৰূপে কিন্তু 1857 চনত ফাঁচী হোৱা মংগল পাণ্ডেকহে জনা যায় ৷ দেশক বৃটিছৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া পিয়লি ফুকন আৰু জিউৰাম বৰুৱা যেন আজিও উপক্ষিত ৷

পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা যে কেৱল মান্যতা আৰু স্বীকৃতিত উপেক্ষিত এনে নহয়। শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচী দিয়া স্থানো এতিয়াও যথোপযুক্ত ভাৱে সংৰক্ষিত নহয়। পিয়লি আজি অসমীয়াৰ বাবে অপৰচিত।নতুন প্ৰজন্মই চিনি নাপায় পিয়লি-জিউৰামক ৷ নাজানে তেওঁলোকৰ ত্যাগ আৰু অৱদানক ৷ আজি পিয়লি জিউৰামৰ মৃত্যুৰ দিনটোত কেৱল পৰিয়ালৰ লোক আৰু ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সমিতিয়ে সোঁৱৰিছে এই দুই বীৰ অসম সন্তানক ৷

উল্লেখ্য যে, পিয়লিৰ স্মৃতি সজীৱ কৰিবলৈ চৰকাৰে নাই লোৱা কোনো এক বিশেষ পদক্ষেপ ৷ ভগীৰ নিদ্ৰাত শিৱসাগৰ জিলা প্ৰশাসন ৷ এতিয়া প্ৰশন হয়,এনেকৈ সময়ৰ তাগিদাত পাহৰণি গৰ্ভত বিলীন হৈ যাব নেকি পিয়লি ফুকন-জিউৰাম দুলীয়া বৰুৱা ? কিয় অসম চৰকাৰে ভাৰত চৰকাৰক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম গৰাকী শ্বহীদৰূপে পিয়লি ফুকনক স্বীকৃতি দিবলৈ বাধ্য কৰাব নোৱাৰিলে ? সৰ্বভাৰতীয় পৰ্যায়ত উপক্ষিত পিয়লি ক্ৰমাৎ অসমৰ বাবেও যেন এলাগী হৈ পৰিছে ৷

লগতে পঢ়কঃ দৰঙৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.