ETV Bharat / state

এজন যুৱকৰ উদ্ভাৱনে দৃষ্টি আকৰ্ষণ কৰিছে দিখৌমুখবাসীৰ

author img

By

Published : May 25, 2021, 1:50 PM IST

শিৱসাগৰৰ দিখৌমুখৰ ৰাজতিলক সাউদ নামৰ যুৱকজনে উদ্ভাৱন কৰিছে হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপ ৷ কোনো ধৰণৰ ছুইছৰ প্ৰয়োজন নোহোৱাকৈ হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপৰ সন্মুখত হাতখন দিলে নিজে নিজে চেনিটাইজাৰ আৰু পানী ওলাই আহে ।

hand senitizer machine invented in sivasagar
চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপ উদ্ভাৱন

আমগুৰি,25 মে’: শিৱসাগৰৰ দিখৌমুখৰ এজন যুৱকৰ অভিনৱ উদ্ভাৱন ৷ নিজ গৃহতে একক প্ৰচেষ্টাৰে উদ্ভাৱন কৰি উলিয়ালে হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপ ৷

ক’ভিড মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত দিখৌমুখৰ ৰাজতিলক সাউদ নামৰ যুৱকজনৰ এনে উদ্ভাৱনে লাভ কৰিছে বিশেষ চৰ্চা । কেইবিধমান বৈদ্যুতিক সামগ্ৰী লৈ নিৰ্মাণ কৰি উলিওৱা এই স্বয়ংক্ৰিয় হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপে ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপ উদ্ভাৱন

হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপৰ সন্মুখত হাতখন দিলেই চেনিটাইজাৰ আৰু পানী ওলাই আহে । কোনো ধৰণৰ ছুইছৰ প্ৰয়োজন নাই এই মেচিনত । যুৱকজনৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰিছে দিখৌমুখৰ লগতে শিৱসাগৰবাসীয়ে ।

লগতে পঢ়ক : কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত চেনিটাইজেছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.