ETV Bharat / state

Angkita Dutta controvesy:আমগুৰিৰ আশা এৰা নাই অংকিতা দত্তই

author img

By

Published : May 27, 2023, 5:35 PM IST

Updated : May 27, 2023, 6:27 PM IST

শীঘ্ৰেই কংগ্ৰেছ দলে আকোৱালি ল'ব বুলি মন্তব্য় অংকিতা দত্তৰ (Angkita Dutta) । সেইবাবে তেওঁ আমগুৰিত চলাইছে অভিযান । আমগুৰিৰ পূৰ্বৰ সতীৰ্থৰ লগত তেওঁ সু-সম্পৰ্ক অটুত ৰাখিছে ।

Former Youth Congress president Angkita Dutta
যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতাই দত্ত

যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতাই দত্ত

আমগুৰি, ২৭ মে: কংগ্ৰেছৰ বেথা এৰিব পৰা নাই যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতাই দত্তই (Former Youth Congress president Angkita Dutta)। কংগ্ৰেছৰ পৰা বহিস্কৃত হৈও অংকিতাই প্ৰচাৰ চলাইছে আমগুৰিত । শীঘ্ৰেই অংকিতা দত্তক কংগ্ৰেছ দলে আকোৱালি ল'ব বুলি তেওঁ আশাবাদী । এই ক্ষেত্ৰত প্ৰৱল আত্মবিশ্বাসী যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্ত (Angkita Dutta doing campaign in Amguri)। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বহিস্কৃত নেত্ৰী আংকিতা দত্তৰ এতিয়াও বিশ্বাস কংগ্ৰছে পুনৰ আদৰি ল'ব । সেইবাবে এতিয়া আমগুৰি সমষ্টিৰ গাঁৱে গাঁৱে ঘূৰিছে ড৹ অংকিতা দত্তই । তেওঁ খবৰ লৈছে হজ যাত্ৰী ,পৰীক্ষাৰ্থীৰ ।

যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয় যে আমগুৰীবাসীৰ আশীৰ্বাদ এতিয়াও আছে । নেত্ৰী গৰাকী এতিয়াও বিশ্বাসী যে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্ৱে জাতীয় কংগ্ৰেছে তেওঁক পুনৰ আঁকোৱালি ল'ব । আনহাতে, আমগুৰিৰ পূৰ্বৰ সতীৰ্থৰ লগত অংকিতাৰ সু-সম্পৰ্ক অটুট আছে । আগন্তুক দিনত অন্য কোনো ৰাজনৈতিক দলৰ লগত যোগদান কৰাৰ সম্ভাৱনা নুই কৰি পুনৰ কংগ্ৰছে আদৰি লোৱাৰ আশা পুহি ৰাখিছে আমগুৰি সমষ্টিৰ পৰা দুবাৰকৈ বিধানসভা নিৰ্বাচনত উজুটি খোৱা প্ৰাৰ্থী অংকিতা দত্তই ।

উল্লেখ্য় যে অলপতে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা ছয় বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছিল । অংকিতা দত্তক কংগ্ৰেছ দলৰ পৰা দলীয় অনুশাসন ভংগ কৰাৰ কাৰণে ৬ বছৰৰ বাবে বহিষ্কাৰ কৰাৰ পিচতেই অংকিতাৰ বিজেপি গমনৰ বিষয়ে চৰ্চা হৈ আছিল ৷ উল্লেখ্য় যে প্ৰদেশ যুৱ কংগ্ৰেছৰ একালৰ সভাপতি অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভিৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিচতেই তেওঁৰ বিৰুদ্ধে এই ব্য়ৱস্থা গ্ৰহণ কৰিছিল দলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাকো উলংঘা কৰি শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দাখিল কৰিছিল অংকিতা দত্তই ।

লগতে পঢ়ক:Education Minister Ronoj Pegu at Barpeta: বাগিচা প্ৰাথমিক বিদ্যালয়সমূহত অতিৰিক্ত টেট শিক্ষক নিযুক্তি সন্দৰ্ভত বৰপেটাত শিক্ষামন্ত্ৰীৰ মন্তব্য

Last Updated : May 27, 2023, 6:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.