ETV Bharat / state

আলফাত যোগদানৰ খবৰ লাভৰ পাছতে কাতৰ আত্মীয়; আমগুৰি আৰক্ষী থানাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:39 AM IST

আলফা(স্বাঃ) ত যোগদান কৰা পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি ৷ ঘৰৰ সন্তানক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান পৰিয়ালৰ ৷ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক অৰ্পণ শইকীয়াই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

family urges their ulfa i joined cadre to return home in amguri
আলফাত যোগদানৰ খবৰ লাভৰ পাছতে কাতৰ আত্মীয়

আলফাত যোগদানৰ খবৰ লাভৰ পাছতে কাতৰ আত্মীয়

আমগুৰি, 29 নৱেম্বৰ: উচ্চ শিক্ষাৰ বাবে অধ্যয়নৰত পুত্ৰ-কন্যাই আলফা(স্বাঃ) ত যোগদানৰ পাছতেই হতাশগ্ৰস্ত হৈ পৰিছে আমগুৰিৰ কেইবাটাও পৰিয়াল তথা আত্মীয় ৷ আৰক্ষী আৰু আলফামুখী যুৱক-যুৱতীৰ পৰিয়ালৰ মাজৰ সম্পৰ্ক ৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰিছে আমগুৰি আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আমগুৰি লালিম ছিগাৰ শিৱানী গগৈ নামৰ 19 বছৰীয়া যুৱতীগৰাকী 2022 চনৰ 13 মে’ত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনীত যোগদান কৰিছিল ।

আমগুৰি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী শিৱানী আলফাত যোগদান কৰাৰ খবৰ লাভ কৰাৰ পাচতে শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছে আইতাক বিচিত্ৰা গগৈ ৷ লালিমছিগা গাঁৱৰ দ্বীপজ্যোতি গগৈ আৰু প্ৰাঞ্জল গগৈৰ জ্যেষ্ঠ কন্যা শিৱানী গগৈয়ে আলফাত যোগদান কৰাৰ পিছতেই আৰক্ষী প্ৰশাসনে শিৱানীক উদ্ধাৰৰ বাবে বহু প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও সফল নহ'ল ।

আনহাতে নামতি বৰুৱা পুখুৰী কহাৰ গাঁৱৰ ৰঞ্জীত চুতীয়াই বহু বছৰ পূৰ্বে আলফাত যোগদান কৰিছিল বুলি পৰিয়ালৰ লোকে জনায় । এইজন যুৱকৰো আজি পৰ্যন্ত পৰিয়ালৰ লোকে কোনো শুংসূত্ৰ লাভ কৰা নাই । পৰিয়ালৰ লোকে ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব বুলি বহু উজাগৰী নিশা পাৰ কৰিলে কিন্তু আজি পৰ্যন্ত ল’ৰাটো উভতি নাহিল । শেহতীয়াকৈ আলফাত যোৱা লোকৰ পৰিয়ালক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে অসমৰ আৰক্ষী প্ৰশাসন । আৰক্ষীৰ সৈতে আলফালৈ যোৱা ভুক্তভোগী পৰিয়ালৰ লগত সুসম্পৰ্ক ৰাখি যাতে মুলসুঁতিলৈ তেওঁলোকক উভতাই আনিব পাৰি তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।

আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক অৰ্পণ শইকীয়াৰ নেতৃত্বত শিৱানী গগৈৰ পৰিয়ালৰ লগতে ৰঞ্জিত চুতীয়াৰ পৰিয়ালক আৰক্ষী থানালৈ নিমন্ত্ৰণ জনাই আৰক্ষী বিষয়াগৰাকীয়ে অনানুষ্ঠিকভাৱে পৰিয়ালটোৰ সৈতে আলোচনা কৰে আৰু কথা-বাৰ্তা পাতি কেনেদৰে সন্তানকেইটিক নিষিদ্ধঘোষিত সংগঠনৰ পৰা মূলসুঁতিলৈ আনিব পাৰি সেই সন্দৰ্ভত সমাধান সূত্ৰ বিচাৰে ।

লগতে পঢ়ক: DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.