ETV Bharat / state

Azadi ka Amrit mohotsav: শিৱসাগৰত আৰক্ষীৰ প্ৰীতি ফুটবল খেল

author img

By

Published : Aug 10, 2022, 10:41 AM IST

Updated : Aug 10, 2022, 3:35 PM IST

শিৱসাগৰত আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit mohotsav)উপলক্ষে জিলা আৰক্ষীয়ে ৰাইজৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশ গ্ৰহণ কৰে(Police participated in friendly football match with local people)। উক্ত খেলখনত পেনাল্টিত শিৱসাগৰ আৰক্ষী দলে স্থানীয় খঢ়াগড় যুৱ সমাজক ৪-২ গলত পৰাজিত কৰে ।

Azadi ka Amrit mohotsab
শিৱসাগৰত আৰক্ষীৰ প্ৰীতি ফুটবল খেল

শিৱসাগৰ, ১০ আগষ্ট: শিৱসাগৰত আজাদী কা অমৃত মহোৎসৱ(Azadi ka Amrit mohotsav)উপলক্ষে জিলা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশ গ্ৰহণ কৰে(Police participated in friendly football match with local people)। স্বাধীনতা দিৱসৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ ভাৰতত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে । মহোৎসৱৰ লগত সংগতি ৰাখি চৰকাৰ তথা চৰকাৰী বিভাগ সমূহৰ উদ্যোগত গ্ৰহণ কৰা হৈছে বিভিন্ন কাৰ্যসূচী । চৰকাৰী বিভাগবোৰৰ সৈতে ৰাইজৰ সম্পৰ্ক ওচৰ চপাই অনা অমৃত মহোৎসৱৰ অন্য এক প্ৰধান লক্ষ্য ।

আজাদী কী অমৃত মহোৎসৱ উপলক্ষে মঙলবাৰে জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শ'লগুৰি খেল পথাৰত শিৱসাগৰ আৰক্ষী আৰু স্থানীয় খঢ়াগড় যুৱ সমাজৰ মাজত এক প্ৰীতি ফুটবল খেলৰ আয়োজন কৰে । শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই দুয়ো পক্ষৰ খেলুৱৈ সকলৰ সৈতে চিনাকী হৈ খেলৰ মাধ্যমেৰে আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্ক বৃদ্ধিৰ পোষকতা কৰি প্ৰীতি ফুটবল খেলখন মুকলি কৰে ।

শিৱসাগৰত আৰক্ষীৰ প্ৰীতি ফুটবল খেল

এঘণ্টীয়া খেলখনত দুয়ো পক্ষই দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে যদিও নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য় ভাবে সমাপ্ত হোৱাত পেনাল্টিৰ সহায় লোৱা হয় । পেনাল্টিত শিৱসাগৰ আৰক্ষী দলে খঢ়াগড় যুৱ সমাজক ৪-২ গলত পৰাজিত কৰে । খেলৰ অন্তত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজিৎ নাথ, সীমান্ত উপ- আৰক্ষী অধীক্ষক নিত্যা সোনোৱাল, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলে ট্ৰফী প্ৰদান কৰে ।

লগতে পঢ়ক:Remembering Kamala Saikia: শিৱসাগৰত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান

Last Updated : Aug 10, 2022, 3:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.