ETV Bharat / state

সাঁচি গছেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাট দেখুৱা শিৱসাগৰৰ এটা প্ৰখ্যাত অঞ্চলৰ কথাৰে....

author img

By

Published : Dec 4, 2019, 11:35 PM IST

সাঁচি গছেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাট দেখুৱা শিৱসাগৰৰ এটা প্ৰখ্যাত অঞ্চলৰ কথাৰে....
সাঁচি গছেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাট দেখুৱা শিৱসাগৰৰ এটা প্ৰখ্যাত অঞ্চলৰ কথাৰে....

বৃহত্তৰ শিৱসাগৰৰ নামতি, চামগুৰি, লালিম ছিগা, বৰাহীবাৰী, দিকচু অঞ্চলত অৰ্থনৈতিক ভেটি টনকিয়াল কৰি শিক্ষিত যুৱকক কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে সাঁচি খেতি আৰু ব্যৱসায়ে ৷ অঞ্চলটোৰ 95 শতাংশ লোকৰ ঘৰতে আছে সাঁচিবাৰী ৷ সাঁচি ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে অঞ্চলটোৰ শিক্ষিত নৱ প্ৰজন্ম ৷

আমগুৰি, 4 ডিচেম্বৰঃ মূল্যবান সাঁচি গছৰ খেতিৰে অৰ্থনৈতিক বিপ্লৱৰ সূচনা হৈছে উজনি অসমৰ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি, চামগুৰি, লালিম ছিগা, দিকছু আদি অঞ্চলত ৷ অঞ্চলসমূহত সাঁচি খেতি তথা ব্যৱসায়ে বৰ্তমান অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহুতো শিক্ষিত যুৱকক দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট ৷ তাৎপৰ্যপূৰ্ণ ভাৱে অঞ্চলসমূহৰ প্ৰায় 95 শতাংশ লোকে বৰ্তমান জড়িত হৈ পৰিছে সাঁচি খেতি আৰু ব্যৱসায়ৰ লগত ৷ এই বৃহত্তৰ অঞ্চলটোত আটাইতকৈ মন কৰিবলগীয়া কথা হ'ল ইয়াত এগৰাকী কন্যা সন্তান জন্ম হ'লে ৰোপন কৰা হয় এজোপাকৈ সাঁচি গছ যাতে এই সাঁচি গছ জোপা বিক্ৰী কৰি কন্যা গৰাকীৰ বিবাহৰ খৰচ যোগাৰ কৰিব পৰা যায় ৷

সাঁচি গছৰ এই লাভজনক ব্যৱসায়ৰ সৈতে বৰ্তমান জড়িত হৈ পৰিছে অঞ্চলটোৰ শিক্ষিত নৱপ্ৰজন্ম ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে ব্যৱসায়টোত সম্পূৰ্ণ বৈধতা দিয়াৰ বাবে আলোচনা কৰি থকাৰ ফলত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ব্যৱসায়ীসকল ৷

সাঁচি গছেৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাট দেখুৱা শিৱসাগৰৰ এটা প্ৰখ্যাত অঞ্চলৰ কথাৰে....

উল্লেখযোগ্য যে, অনবদ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ সাঁচি গছ এবিধ অতিকে মূল্যৱান সম্পদ, এই শিল্পৰ আগত আনকি ফেৰ মাৰিব নোৱাৰে তেল, কয়লা, চাহৰ দৰে শিল্পই ৷ সাঁচিৰ তিনিটা প্ৰজাতিৰ ভিতৰত অসমত থকা উদ্ভিদ বিধেই বিশ্বৰ বজাৰত মূল্যবান ৷ ১০-১৫ বছৰীয়া এজোপা সাঁচি গছৰ মূল্য বজাৰত কমেও ৫ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত ৷ অসমত বিশেষকৈ উজনিত মানুহৰ ঘৰে ঘৰে পোৱা যায় আন্তঃৰাষ্ট্ৰীয় বজাৰত অতি মূল্যবান এই সাঁচি গছ ৷

আৰু পঢ়ক: কেব গৃহীত হোৱাৰ পাচতহে পদক্ষেপ গ্ৰহণ কৰিব অসম গণ পৰিষদে !

Intro:Body:আমগুৰি, ৪ ডিচেম্বৰ:


উজনিৰ শিৱসাগৰ জিলাৰ সাঁচি গছৰ বাবে প্ৰখ্যাত এটা অঞ্চল

অঞ্চলটোৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰি শিক্ষিত যুৱকক কৰ্মসংস্থাপনৰ বাট দেখুৱাইছে সাঁচি খেতি আৰু ব্যৱসায়ে

শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি, চামগুৰি, লালিম ছিগা, বৰাহীবাৰী, দিকচু আদি অঞ্চলসমূহ সাঁচি গছৰ বাবে প্ৰখ্যাত। অঞ্চলটোৰ ৯৫ শতাংশ লোকৰ বাৰীতে আছে সাঁচি গছ । জীৱিকাৰ অন্যতম প্ৰধান উৎস হিচাপে আনকি অঞ্চলসমূহত কন্যা সন্তান জন্ম হ'লে ৰোপন কৰা হয় সাঁচি গছ । কিয়নো কন্যাৰ বিবাহৰ সময়ত পূৰ্বে ৰোপন কৰা সাঁচি গছ বিক্ৰী কৰি বিবাহৰ খৰচ যোগাৰ কৰিব পাৰে।

অতি সহজতে হোৱা সাঁচি ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে অঞ্চলটোৰ শিক্ষিত নৱ প্ৰজন্ম | ৰাজ্য চৰকাৰে ব্যৱসায়টোক সম্পূৰ্ণ বৈধতা দিয়াৰ আলোচনা কৰি থকাৰ পিছতে উতফুল্লিত এতিয়া ব্যৱসায়ীসকল |

উল্লেখ্য যে অনবদ্য প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ মূল্যবান সম্পদবিধ সাঁচি গছ৷ তেল, কয়লা, চাহ শিল্পই ফেৰ মাৰিব নোৱাৰে সুগন্ধি তেলৰ উদ্ভিদ সাঁচিৰ শিল্পক। সাঁচিৰ তিনিটা প্ৰজাতিৰ ভিতৰত অসমত থকা উদ্ভিদ বিধেই বিশ্বৰ বজাৰত মূল্যবান৷ ১০-১৫ বছৰীয়া এজোপা সাঁচি গছৰ মূল্য বজাৰত কমেও ৫ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত ৷ অসমত বিশেষকৈ উজনিত মানুহৰ ঘৰে ঘৰে পোৱা যায় সাঁচি গছ৷ 

উল্লেখ্য যে, সাঁচি গছৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰত ভাল কদৰ আছে | সেয়ে আগৰৰ ব্যৱসায় কৰা সকলৰ লোলুপ দৃষ্টি আছিল অঞ্চলটোৰ প্ৰতি | বহু সময়ত ধনীক শ্ৰেণীৰ ওচৰত প্ৰতাৰিত হৈ আহিছিল ক্ষুদ্ৰ ব্যৱসায়ীসকল | এনে প্ৰেক্ষাপটত এতিয়া উতফুল্লিত সাঁচি ব্যৱসায়ীসকল |

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.