ETV Bharat / state

Oil pipe leakage : আমগুৰি খৰাগড়ত খাৰুৱা তেল নিৰ্গমন

author img

By

Published : Oct 11, 2022, 10:24 AM IST

Updated : Oct 11, 2022, 11:41 AM IST

Oil pipe leakage
আমগুৰি খৰাগড়ত খাৰুৱা তেল নিৰ্গমন

খৰাগড়ৰ মোহন হাজৰিকা আৰু ফুকন আলি সংযোগী পথৰ ওপৰতে খাৰুৱা তেল নিৰ্গমন হৈছে (Oil pipe leakage in Amguri)। পুৰণি পাইপ মেৰামতি নকৰাৰ ফলতেই বছৰত চাৰিবাৰকৈ পাইপ ফুটি তেল নিৰ্গমন হোৱাৰ অভিযোগ । ONGCৰ বিৰুদ্ধে ক্ষোভিত ৰাইজে প্ৰতিবাদৰ হুংকাৰ দিছে ।

আমগুৰি, ১১ অক্টোবৰ : আমগুৰিৰ খৰাগড়ত হাহাকাৰ পৰিৱেশ । তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমন অঞ্চলটোত (ONGC oil pipe leakage in Amguri)। লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰে ।

জানিব পৰা মতে খৰাগড়ৰ মোহন হাজৰিকা আৰু ফুকন আলি সংযোগী পথৰ ওপৰতে খাৰুৱা তেল নিৰ্গমন হৈছে । চাৰিআলি জিজিএচৰ অন্তৰ্গত খৰাগড় পথত এই ঘটনা সংঘটিত হৈছে । ইফালে পুৰণি পাইপ মেৰামতি নকৰাৰ ফলতেই বছৰত চাৰিবাৰকৈ পাইপ ফুটি তেল নিৰ্গমন হোৱাৰ অভিযোগ উত্থাপন হৈছে । অ'এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আতংকিত স্থানীয় লোকে (Public anger against ONGC)।

আমগুৰি খৰাগড়ত খাৰুৱা তেল নিৰ্গমন

খৰাগড় পথৰ কাষেৰে যোৱা এই খাৰুৱা তেলৰ পাইপ স্থানান্তৰ কৰিবলৈও দাবী উত্থাপন কৰিছে ৰাইজে । তেল নিৰ্গমন হোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে অঞ্চলটোৰ ৰাইজে আৰক্ষীক খবৰ দিয়ে । আমগুৰি আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয় ।

সমান্তৰালকৈ আৰক্ষীয়ে অ'এনজিচি কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে । কিন্তু অ'এনজিচি কৰ্তৃপক্ষ ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । অৱশ্যে পৰৱৰ্তী সময়ত অ'এনজিচি কৰ্তৃপক্ষই তেল নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হয় ।

লক্ষণীয়ভাৱে প্ৰায়ে অঞ্চলটোত এনেদৰে খাৰুৱা তেল নিৰ্গমন হোৱা দেখা যায় । যাৰ বাবে চৰম নিৰাপত্তাহীনতাত ভূগিছে অঞ্চলটোৰ ৰাইজ । ৰাইজৰ অভিযোগ বাঘজান কাণ্ডৰ (Baghjan tragedy) পৰাও শিক্ষা লোৱা নাই অ'এনজিচি কৰ্তৃপক্ষই ।

যাৰ বাবে কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বিৰুদ্ধে অতি শীঘ্ৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে ৰাইজে (Public to protest against ONGC)। খাৰুৱা তেলৰ পাইপ ফুটি তেল নিৰ্গমন হোৱাৰ ঘটনা এয়াই প্ৰথম নহয় । প্ৰায়ে অঞ্চলটোত এনে ঘটনা সংঘটিত হৈ আহিছে ।

শেহতীয়াকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো তেল পৰিবাহী পাইপ ফাটি তেল নিৰ্গমন হৈছিল (pipeline ruptured inside Dehing Patkai) ৷ ফলত ৰাষ্ট্ৰীয় উদ্যানখনত থকা জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷ কিন্তু ইমানৰ পাছতো কিয় সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই সেয়াহে ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক :বৰ্তমানেও সন্ধান নাই কাজিৰঙাত ট্ৰাকত খুন্দাত আহত গঁড়টোৰ

Last Updated :Oct 11, 2022, 11:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.