ETV Bharat / state

শিৱসাগৰ পৌৰসভাত বজাৰ নিবিদাক লৈ ষড়যন্ত্ৰৰ অভিযোগ

author img

By

Published : Jul 23, 2021, 10:28 PM IST

শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ নিবিদাক লৈ ষড়যন্ত্ৰ হোৱাৰ অভিযোগ ৷ বিগত নিবিদাত অংশগ্ৰহণ কৰা তিনি নিবিদাকাৰীয়ে উঠাই ল’লে নিবিদা পত্ৰ ৷ পুনৰ নিবিদাৰ বিজ্ঞাপনত গুৰুতৰ ভুল হোৱা বুলি জানিব পৰা গৈছে ৷

conspiracy-in-market-tender-at-sivasagar
বজাৰ নিবিদাক লৈ ষড়যন্ত্ৰৰ অভিযোগ

শিৱসাগৰ, 23 জুলাই : শিৱসাগৰ পৌৰসভা (Sivasagar Municipality)ৰ অন্তৰ্গত শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ আৱণ্টনক লৈ এক কুটিল ষড়যন্ত্ৰ চলি থকাৰ তথ্য পোহৰলৈ আহিছে । বিগত দিনবোৰৰ দৰে এইবাৰো বজাৰ দখলৰ বাবে একাংশ নিবিদাকাৰী আৰু পৌৰসভাৰ কৰ্মচাৰীয়ে সমগ্ৰ নিবিদা প্ৰক্ৰিয়াটো জটিল কৰি আইনৰ মেৰপাকলৈ নিয়াৰ অভিসন্ধি কৰা বুলি জানিব পৰা গৈছে ৷ বিগত 26 জুনত শিৱসাগৰ পৌৰসভাই নগৰৰ কেন্দ্ৰীয় বজাৰৰ নিবিদা গ্ৰহণ কৰিছিল । উক্ত নিবিদাত পৌৰসভাই ধাৰ্য কৰি দিয়া নূন্যতম 69,00,500 টকা নিবিদা মূল্যৰ ওপৰত মুঠ 8 গৰাকী ঠিকাদাৰে প্ৰদান কৰিছিল নিবিদা ৷

বজাৰ নিবিদাক লৈ ষড়যন্ত্ৰৰ অভিযোগ

ইয়াৰে ভিতৰত সৰ্বোচ্চ নিবিদা প্ৰদানকাৰীক 88,35,000 টকাৰ বিনিময়ত ঠিকা প্ৰদান কৰিবলৈ শিৱসাগৰ পৌৰসভাই প্ৰস্তুতি চলায় যদিও ৰহস্যজনকভাৱে উচ্চ নিবিদা প্ৰদান কৰা 3 গৰাকী নিবিদাকাৰীয়ে ক’ভিড (Covid) পৰিস্থিতিৰ দোহাই দি নিবিদা উঠাই লয় । এনে পৰিস্থিতিত নিয়ম অনুসাৰে নতুন নিবিদাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰে শিৱসাগৰ পৌৰসভাই ৷

আগন্তুক 27 জুলাইত প্ৰকাশ হ’বলগীয়া পৌৰসভাৰ নিবিদাৰ বিজ্ঞাপনত শুকুৰবাৰে প্ৰত্যক্ষ কৰা হৈছে কেতবোৰ বিসংগতি ।

conspiracy-in-market-tender-at-sivasagar
বজাৰ নিবিদাক লৈ ষড়যন্ত্ৰৰ অভিযোগ

শিৱসাগৰ পৌৰসভাই আহবান কৰা নিবিদাত সকলো ঠিকেই আছে যদিও বাতৰি কাকতত প্ৰকাশ হোৱা নিবিদাত কেতবোৰ গুৰুতৰ পৰিলক্ষিত দেখা গৈছে । বাতৰি কাকতত প্ৰকাশ কৰা নিবিদাত 27 জুলাইত সম্পাদন হ’বলগীয়া নিবিদা প্ৰক্ৰিয়াৰ নিবিদা পত্ৰ সংগ্ৰহৰ দিন 27 জুলাইৰ পৰা 26 আগষ্টলৈকে আশ্চৰ্যজনকভাৱে ধাৰ্য কৰা হৈছে । 27 জুলাইত সম্পন্ন হ’বলগীয়া নিবিদা প্ৰক্ৰিয়াৰ নিবিদা পত্ৰ কিদৰে 27 জুলাইৰ পৰা 26 আগষ্টলৈ সংগ্ৰহ কৰিব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে ৷ সমগ্ৰ নিবিদা প্ৰক্ৰিয়াটো কিদৰে এক আইনী প্ৰক্ৰিয়াৰ মাজলৈ নিয়া যায়, সেই উদ্দেশ্যে এনে বিজ্ঞাপনৰ বিসংগতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশই ৷

লগতে পঢ়ক : ধুমুহাৰ কৱলত সত্ৰভূমি মাজুলী: সা-সম্পত্তি আৰু পশুধনৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.