ETV Bharat / state

আমগুৰিত প্ৰয়াত বিকাশ বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

author img

By

Published : Oct 17, 2021, 8:56 PM IST

আমগুৰিত অনুষ্ঠিত হৈছে ভাওনা সংস্কৃতিৰ সাধক, অভিনেতা তথা দেওৰজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰয়াত বিকাশ বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা ৷ সভাত উপস্থিত থাকে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈকে ধৰি বহু গণ্য-মান্য ব্যক্তি ৷

Commemorate Programme
প্ৰয়াত বিকাশ বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

আমগুৰি, ১৭ অক্টোবৰ : আমগুৰিৰ জৰাধৰা গাঁৱত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা স্মৃতিচাৰণ সভা ৷ আমগুৰিৰ ভাওনা সংস্কৃতিৰ সাধক, অভিনেতা তথা দেওৰজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰয়াত বিকাশ বৰুৱাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা স্মৃতিচাৰণ সভাখনৰ ৷ উল্লেখ্য যে, দেওৰজা জৰাধৰা গাঁৱৰ নিবাসী বিকাশ বৰুৱা বিগত ৫ অক্টোবৰত মহামাৰী কৰ'ণাত হৈ মৃত্যুক সাৱটি লৈছিল ৷

Commemorate Programme
প্ৰয়াত বিকাশ বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত দেহে-কেহে প্ৰতি মূহুৰ্ততে লাগি থকা এক চিনাকি নাম আছিল বিকাশ বৰুৱা ৷ প্ৰয়াত বিকাশ বৰুৱা আমগুৰিৰ মণিকাঞ্চন ভাওনা দল, শিৱসাগৰৰ ভাওনা কুশীলৱ মঞ্চ, ফুলপানীছিগাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । এক প্ৰকাৰে ক’ব পাৰি যে, বিকাশ বৰুৱাৰ মৃত্যু অসমীয়া সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি ৷

আমগুৰিত অনুষ্ঠিত প্ৰয়াত বিকাশ বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ অনিল কুমাৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈ, শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিপুল বৰকটকীকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । আনকি এই সভাতে "অ' সোঁৱৰণী" নামৰ এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈয়ে ।

লগতে পঢ়ক : বাল্যবিবাহল কৰোৱাই জেললৈ গ’ল দেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.