ETV Bharat / state

দিখৌমুখত গো-পালকৰ মাজত হাহাকাৰ

author img

By

Published : Jun 3, 2021, 6:04 PM IST

শিৱসাগৰৰ দিখৌমুখত পশুপালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । চবকা ৰোগত আক্ৰান্ত হৈছে গো-ধন । প্ৰতিষেধক দিয়া গো-ধন চবকা ৰোগত অধিক আক্ৰান্ত হোৱাৰ অভিযোগ তুলি প্ৰতিষেধকক লৈও প্ৰশ্ন উত্থাপন কৰিছে গো-পালকে ।

cattle disease
দিখৌমুখত চবকা ৰোগত আক্ৰান্ত হৈছে গো ধন

আমগুৰি, 3 জুন: ৰাজ্যত কৰ'ণা মহামাৰীয়ে ভয়াৱহ সংকট সৃষ্টি কৰাৰ সময়তে আন এক বিপদ আহিছে পশুপালকসকলৰ জীৱনলৈ । শিৱসাগৰৰ দিখৌমুখত চবকা ৰোগত আক্ৰান্ত হৈছে গো-ধন । ইতিমধ্যে মৃত্যু হৈছে বহুকেইটা গৰুৰ । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচতো চবকা ৰোগত আক্ৰান্ত হৈছে এটাৰ পাচত আনটো গো-ধন । গাখীৰৰ উৎপাদন কমি যোৱাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে গো-পালকৰ । ঔষধ খুওৱাৰ পাচতো কোনো ফল নধৰাত গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া গো-পালকসকলে এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

দিখৌমুখত গো-পালকৰ মাজত হাহাকাৰ

তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰক । আনহাতে, পশুপালন বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে গো-ধনৰ এই অৱস্থা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গো-পালকসকলে । গো-পালক সকলৰ অভিযোগ অনুসৰি, চবকা ৰোগৰ প্ৰতিষেধক দিয়াৰ পাচতো গো-ধন পুনৰ এই ৰোগত আক্ৰান্ত হৈছে । সেয়ে, প্ৰতিষেধকক লৈও প্ৰশ্ন উত্থাপন কৰিছে গো-পালকসকলে । গাখীৰ উৎপাদন কমি যোৱাৰ ফলত আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে গো-পালকসকল ।

ইফালে, শিৱসাগৰ জিলা পশুপালন বিভাগে বৰ্তমানলৈকে গো-পালকৰ সমস্যা আৰু পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পশুপালকসকলে শীঘ্ৰে গো-ধনৰ উপযুক্ত চিকিৎসা ব্যৱস্থা কৰিবলৈ আৰু গো-পালকসকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.