ETV Bharat / state

ব'হাগ পালেহি: আমগুৰিত বিহুনাচৰ কৰ্মশালা

author img

By

Published : Mar 21, 2022, 3:42 PM IST

চ'তৰ চোকা ৰ'দে জাননী দিছে ঋতুৰাজ বসন্তৰ আগমণৰ খবৰ । ব'হাগ অহাৰ বাতৰি পাই ঢোল-পেঁপা উঠিছে বাজি । প্ৰান্তে প্ৰান্তে বিহু কৰ্মশালা । আমগুৰিৰ বিহনাচ কৰ্মশালাত লতাশীল বিহু কুঁৱৰী শতাব্দী কলিতা আৰু শ্ৰেষ্ঠ ঢুলীয়া ধ্ৰুৱজ্যোতি গগৈ (Bihu workshop held in Amguri) ।

bihu workshop held in amguri
ব'হাগ পালেহি

আমগুৰি, ২১ মাৰ্চ: বহাগ, কেৱল এটি মাহ নহয়, ই অসমীয়া জাতিৰ আয়ুষৰেখা স্বৰূপ। অসমীয়াৰ স্বাভিমান, মান-সন্মানৰ প্ৰতীক ব'হাগ । অসমীয়া ডেকা-গাভৰু-জীয়াৰীৰ মন-প্ৰাণ উতলা কৰা ব'হাগ । ব'হাগ যেন ডেকা-গাভৰুৰ বাবে প্ৰেমৰ মাহ । ঢোলটো দেখিলেই ঢুলীয়া ককায়ে যেনেদৰে চাপৰ মাৰিবলৈ নাপাহৰে তেনেদৰে ঢোলৰ চাপৰ শুনিলেই উধাতু খাই দৌৰি অহা নাচনীয়ে ককাল ঘূৰাই নাচিবলৈ নাপাহৰে ।

এইয়াই বহাগ, ৰঙীন মাহ ব'হাগ । গছ-ডাল-বিৰিষে কুহিপাত মেলাৰ সময় । প্ৰকৃতিয়ে ন-সাজ পিন্ধি ধৰাৰ বুকুত সেউজ হোৱাৰ সময় । ৰঙালীৰ ৰঙত মতলীয়া হৈ উঠিছে অসমীয়া ডেকা-গাভৰু । ঢোল-পেঁপা মাতত নাচনীৰ গা সাতখন-আঠখন ।

ব'হাগ পালেহি: আমগুৰিত বিহুনাচৰ কৰ্মশালা

ৰাজ্যৰ চৌদিশে এতিয়া ঢোলৰ গুমগুমনি, পেঁপাৰ তিহিতি তিহিতি মাত । শিৱসাগৰ জিলাৰ আমগুৰিতো টাকুৰি ঘূৰাদি ঘূৰিছে নাচনীৰ কঁকাল, উঠিছে ঢোলৰ ৰগৰ । ঢোল-পেঁপাৰ মাতত ৰ'ব নোৱৰা নাচনীয়ে নাচিচে কঁকাল ঘূৰাই ।

আমগুৰিৰ সন্মিলিত যুৱ সমাজে আয়োজন কৰা বিহু নাচ কৰ্মশালাত দেখা গৈছে নাচনীৰ অংশগ্ৰহণ (Bihu workshop held in Amguri) । লতাশীল বিহু কুঁৱৰী শতাব্দী কলিতা আৰু শ্ৰেষ্ঠ ঢুলীয়া ধ্ৰুৱজ্যোতি গগৈয়ে প্ৰশিক্ষণ প্ৰদান কৰা অনুষ্ঠানত দেখা গ'ল পাৰ ভঙা উচাহ । অঞ্চলটোৰ কিশোৰ-কিশোৰীসকলক বিহু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু বিহুনাচ-ঢোলৰ চেওঁ যাতে শুদ্ধকৈ প্ৰতিষ্ঠা হয় সেই উদ্দেশ্যে আয়োজন কৰিছে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । সকলোৰে মুখত এতিয়া বিহুগীতৰ কলি ।

লগতে পঢ়ক: দুদিনত বিক্ৰী হ’ল ৪ কোটি ৭০ লাখ টকাৰ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.