ETV Bharat / state

ASP Subhalakshmi Dutta Surrender: আত্মসমৰ্পণকাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক কঠোৰ শাস্তি বিহাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:53 PM IST

বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অৱশেষত আত্মসমৰ্পণ ৷ আৰক্ষী বিষয়া গৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আদিবাসী ছাত্ৰ সন্থাৰ ৷

ASP Subhalakshmi Dutta Surrender
আত্মসমৰ্পণ কৰা আৰক্ষী বিষয়া শুভলক্ষ্মীক কঠোৰ শাস্তি প্ৰদানৰ দাবী দল সংগঠনৰ

আত্মসমৰ্পণ কৰা আৰক্ষী বিষয়া শুভলক্ষ্মীক কঠোৰ শাস্তি প্ৰদানৰ দাবী দল সংগঠনৰ

শিৱসাগৰ, 8 ছেপ্টেম্বৰ : বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অৱশেষত আত্মসমৰ্পণ ৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শনিবাৰে পুৱা আত্মসমৰ্পণ কৰিছিল আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই ৷ ইফালে এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে নাজিৰা থানাত 36/2023 নং গোচৰ ৰুজু হৈ আছে ৷ বৰ্তমান শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাৰাথন জেৰাৰ সন্মুখীন হৈ থকা বিতৰ্কিত আৰক্ষী বিষয়া গৰাকীৰ সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই শিৱসাগৰ আৰক্ষীয়ে ৷

আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পনৰ পাচতে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় চাহ জনজাতি সংগঠনৰ নেতৃত্ব ৷ আদিবাসী ছাত্ৰ সংগঠনৰ নেতৃত্বৰ দাবী বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক ৰাজ আতিথ্য প্ৰদান কৰাৰ সলনি সাধাৰণ অপৰাধীৰ দৰে আচৰণ কৰিব লাগে ৷ ‘‘তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সময়ত আমি চাই থাকিম, আত্মসমৰ্পন কৰা আৰক্ষী বিষয়া দত্তক হাতত হেণ্ডকাফ পিন্ধাব নে নিপিন্ধাই ! আইনৰ মেৰপেচত পৰি যাতে সাৰি যাব নোৱাৰে তাৰ বাবে মজবুত প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে আৰক্ষীয়ে ৷’’ এই মন্তব্য আদিবাসী ছাত্ৰ সন্থাৰ ৷

উল্লেখ্য যে, বন কৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা থানাত আৰু 2019 চনত অনিল পাটৰ নামৰ হ'ম গাৰ্ডক নিৰ্যাতন চলোৱা, ৰাজকুমাৰ গগৈ নামৰ এজন দেহৰক্ষী জোৱানক নিৰ্যাতন চলোৱাৰ সন্দৰ্ভতো শিৱসাগৰ থানাত ৰুজু হৈ থকা 159/2019নং গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 326 আৰু 334/2019 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 325/506 আৰু এছ পি এ চি চি/চি/140/এছ পি (SVR/2019) ৰ অধীনত আৰক্ষীয়ে তদন্ত অব্যাহত আছিল ৷

লগতে পঢ়ক:ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.