ETV Bharat / state

Protest in Sivsagar: চ্যুকাফা চিকিৎসালয়ৰ নাৰ্চৰ অধিকাৰৰ দাবীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:56 PM IST

অ’এন জি চিৰ পুঁজিৰে নিৰ্মিত চ্যাউলুং চ্যুকাফা চিকিৎসালয়ত নাৰ্চক অত্যাচাৰ ৷ পঁচিশ গৰাকী নাৰ্চৰ চাকৰি ত্যাগ ৷ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ ধৰ্ণা কাৰ্যসূচী ৷ উচিত বিচাৰৰ দাবী ৷

asomiya yuva mancha along with mahila mancha hold protest in sivsagar
নাৰ্চৰ অধিকাৰৰ দাবীত প্ৰতিবাদ

নাৰ্চৰ অধিকাৰৰ দাবীত প্ৰতিবাদ

শিৱসাগৰ, 19 অক্টোবৰ : তেল আৰু প্ৰাকৃতিক গেছ আয়োগ অসম কোম্পানীৰ দায়বদ্ধতা পুঁজিৰে শিৱসাগৰ নগৰৰ ৰজাবাৰীত স্থাপন কৰা চ্যাউলুং চ্যুকাফা মাল্টি স্পেচিয়েলিটী চিকিৎসালয়ত কৰ্মৰত অসমীয়া নাৰ্চৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাচত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । স্থানীয় নাৰ্চৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

চ্যাউলুং চ্যুকাফা চিকিৎসালয়ত কৰ্মৰত নাৰ্চসকলে চিকিৎসালয়ৰ দাস উপাধিৰ এগৰাকী মহিলা উচ্চপদস্থ ‘চিএনঅ’ বিষয়াৰ বিৰুদ্ধে বিগত প্ৰায় এক বছৰৰ পৰা বিভিন্ন ধৰণৰ মানসিক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে । কৰ্মৰত নাৰ্চসকলক অতিৰিক্ত সময় কাম কৰোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ মানসিক হেঁচাত ৰাখি কাম কৰোৱাৰ উপৰিও নাৰ্চক প্ৰদান কৰিব লগীয়া ব্যৱহাৰিক প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰো অভিযোগ আনিছে নাৰ্চসকলে । ইয়াৰ সমান্তৰালকৈ দাস উপাধিৰ এজন ‘ডিজিএম’ চিকিৎসকেও অসমীয়া নাৰ্চসকলৰ ওপৰত অনুৰূপ অত্যাচাৰ কৰি অহাৰ অভিযোগ আনিছে তেওঁলোকে ।

অত্যাচাৰত অতিষ্ঠ হৈ বিগত প্ৰায় এটা বছৰত প্ৰায় ২৫ গৰাকী নাৰ্চে ইতিমধ্যে চাকৰি এৰি যোৱাৰ বিস্ফোৰক অভিযোগো কৰ্মৰত অসমীয়া নাৰ্চসকলে আনিছে । আনহাতে এই অভিযোগ সন্দৰ্ভত অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী পুষ্পাঞ্জলী দত্ত আৰু সম্পাদিকা পাপৰি ফুকন স্বাক্ষৰিত এখন স্মাৰক পত্ৰ শিৱসাগৰ জিলা আয়ুক্তক ৫ অক্টোবৰ তাৰিখে প্ৰদান কৰা হৈছিল যদিও আয়ুক্ত গৰাকীয়ে কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে যুৱ আৰু মহিলা মঞ্চ ।

নিৰ্যাতনৰ অভিযোগক উচিত তদন্তৰ দ্বাৰা নিৰপেক্ষভাৱে বিচাৰ কৰি এক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যুৱ মঞ্চ আৰু মহিলা মঞ্চই । সেইদৰে উক্ত চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগত হৈ থকা অনিয়ম সন্দৰ্ভতো আয়ুক্তগৰাকীক অৱগত কৰি বিষয় সন্দৰ্ভত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে ।

লগতে পঢ়ক : Protest against Amguri JJM Scheme : আমগুৰিত জল জীৱন মিছন আঁচনি ৰূপায়ণত দুৰ্নীতি, ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.