ETV Bharat / state

আকৌ কা... অমিত শ্বাহক হিটলাৰ আখ্যা অখিল গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:50 PM IST

Amit Shah has been slammed by Akhil Gogoi
অমিত শ্বাহক তীব্ৰ সমালোচনা অখিল গগৈৰ

কা বলৱৎ কৰাক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণাক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ ৷ অসম বাংলাদেশ সীমান্ত সন্দৰ্ভত অমিত শ্বাহক মিছলীয়া আখ্যা গগৈৰ ৷

অমিত শ্বাহক তীব্ৰ সমালোচনা অখিল গগৈৰ

শিৱসাগৰ, ৩০ নৱেম্বৰ: ভাৰতত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাত কোনেও বাধা দিব নোৱাৰে বুলি কলকাতাৰ এক প্ৰতিবাদী সভাত গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাচত সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । বৃহস্পতিবাৰে শিৱসাগৰত বিধায়ক গগৈয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই বক্তব্যক হিটলাৰী বক্তব্য হিচাপে আখ্যা দিয়ে ৷ তেওঁ লগতে কা বলৱৎ হোৱাৰ পাচত পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমত বিপদ হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে ৷

বিধায়ক গগৈয়ে কা বলৱৎ হোৱাৰ পাছত অসমলৈ আহিব পৰা বিপদ সন্দৰ্ভত কয় যে ইতিমধ্যে পশ্চিমবংগৰ চৰকাৰে পশ্চিমবংগত কা বলৱৎ হ'ব নিদিও বুলি ঘোষণা কৰিছে । সেইদৰে ত্ৰিপুৰাত সাংবিধানিক ৰক্ষা কৱচ থকাৰ বাবে তাত নতুনকৈ কোনো লোকক সংস্থাপিত কৰিব নোৱাৰে । ইয়াৰ ফলত হিন্দু-বাংলাদেশী লোকৰ বোজা অসমৰ ওপৰত পৰিব আৰু অসমীয়া জাতিৰ ভৱিষ্যত সংকটাপন্ন হৈ পৰিব ।

তেওঁ লগতে কয়, ইতিমধ্যে অসমত থকা ২০ লাখ অবৈধ হিন্দু লোকে নাগৰিকত্ব লাভ কৰাৰ লগতে বাংলাদেশৰ ১ কোটি ৭০ লাখ হিন্দু নাগৰিকৰ লক্ষ্য অসম আগমন হৈ পৰিব পাৰে । এনে পৰিস্থিতি ৰোধ কৰাৰ বাবে অসমত কা বলৱৎ কৰাক লৈ ৰাইজে বিৰোধিতা কৰিব লাগিব ।

সেইদৰে অসম-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা বুলি অমিত শ্বাহে কৰা ঘোষণাকো উভতি ধৰে বিধায়ক গগৈয়ে । তেওঁ কয়, য'ত কৰিমগঞ্জ নগৰৰ ২.৭ কিলোমিটাৰ সীমান্ত উন্মুক্ত হৈ আছে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে নিজে পৰ্যৱেক্ষণ কৰি গৈছে, তেনেস্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এনে ঘোষণাক গগৈয়ে তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক: CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে; কলকাতাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.