ETV Bharat / state

Scam in construction of class room : গৃহ নিৰ্মাণত অনিয়মক লৈ উত্তপ্ত মাজনৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 7:02 PM IST

শিক্ষাৰ্থীৰ শিক্ষাদানলৈ আওকান ৷ ফলত বিদ্যালয়ত সৃষ্টি হ'ল লংকাকাণ্ড । শিৱসাগৰ জিলাৰ আমগুৰিৰ এখন বিদ্যালয়ত গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ।

Tense in School of Sivasagar
অনিয়মক লৈ উত্তপ্ত শিৱসাগৰৰ বিদ্যালয়

অনিয়মক লৈ উত্তপ্ত শিৱসাগৰৰ বিদ্যালয়

আমগুৰি, ১ নৱেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিৰ এখন বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণত অনিয়ম সন্দৰ্ভত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই সন্দৰ্ভত জিলাখনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত মাজনৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীক জবাবদিহি কৰে স্থানীয় লোকে । বিদ্যালয়ৰ গৃহ নিৰ্মাণত হোৱা বিসংগতিৰ বাবেই স্থানীয় ৰাইজ আৰু বিদ্যালয় প্ৰধানৰ মাজত ইয়াকে লৈ সৃষ্টি হোৱা সংঘাতে আজি চূড়ান্ত ৰূপ লয় ।

স্থানীয় ৰাইজে কৰা আভিযোগ অনুসৰি মাজনৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণত পুৰণি গৃহৰ ভঙা শিল,ইটা,ৰদ ব্যৱহাৰ কৰিছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে । একেখন বিদ্যালয় গৃহ নিৰ্মাণৰ নামত মাজনৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কৌশলেৰে দুবাৰকৈ অনুদান লাভ কৰে । এই বিষয়ে স্থানীয় ৰাইজে জানিব পাৰি আজি বিদ্য়ালয়ত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

মাজনৰাৰ নৱদ্বীপ প্ৰাথমিক বিদ্যালয়খনে গাঁও পঞ্চায়তৰ পৰা ১ লাখ ৯৬ হাজাৰ টকাৰ অনুদান লাভ কৰে । ১ লাখ ৯৬ হাজাৰ টকাৰ অনুদান গৃহৰ পুনৰ নিৰ্মাণৰ বাবে লাভ কৰাৰ পিচতো তেওঁ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ দ্বাৰা ৫ লাখ ৮ হাজাৰ আনুদানো লাভ কৰিবলৈ সক্ষম হয় । এই ধনেৰেই নিৰ্মাণ হৈ থকা গৃহটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:NHPC Big Dam : ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ

বিম, ৰিং-তেল, ৱাল সকলোতে অতি নিম্ন মানৰ সামগ্ৰীৰে নতুন গৃহটো নিৰ্মাণ হৈ থকাত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰাত বিভাগীয় কাৰিকৰী বিষয়া আহি সাময়িক ভাৱে বন্ধ ৰাখে । ইপিনে, বিদ্যালয় প্ৰাধান গৰাকীয়ে দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত লম্ফ-জম্ফ কৰি সাংবাদিকৰ প্ৰৱেশতো বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:Rangia SDO Controversy : দিপন বৰ্মনৰ বিৰুদ্ধে আছে ধৰ্ষণৰো অভিযোগ, পোহৰলৈ আহিছে আন এক ক’লা অধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.