ETV Bharat / state

Rangia SDO Controversy : দিপন বৰ্মনৰ বিৰুদ্ধে আছে ধৰ্ষণৰো অভিযোগ, পোহৰলৈ আহিছে আন এক ক’লা অধ্যায়

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:13 PM IST

Rangia SDO Dipan Barman
দিপন বৰ্মনৰ বিৰুদ্ধে আছে ধৰ্ষণৰো অভিযোগ

বিশ্ববিদ্যালয়ত পঢ়ি থাকোতেই প্ৰয়োজনতকৈ অধিক কনফিডেন্স দেখুৱাইছিল দিপন বৰ্মনে ৷ যাৰ বাবে আৰক্ষীক কৈছিল- ‘‘বেছি হুলস্থুল নকৰিব ৷ এদিন চেল্যুৎ মাৰিব লাগিব ৷’’ এই কথাখিনিকে ছাত্ৰ-ছাত্ৰীক কৈ অনুপ্ৰেৰণা যোগাবলৈ গৈ দেহৰক্ষী হেৰুওৱা অসামৰিক বিষয়া বৰ্মনৰ বিৰুদ্ধে আছে ধৰ্ষণৰো অভিযোগ ৷

গুৱাহাটী, ৩১ অক্টোবৰ : এ চি এছ বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দিপন বৰ্মনে অসম আৰক্ষীক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰি বিপদত পৰাৰ পাচতে আন‌ এক অধ্যায় পোহৰলৈ আহিছে । এগৰাকী কৰ অধীক্ষকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰ্মনৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি বঙাইগাঁৱত চাকৰি কৰি থকাৰ সময়ত দিপন বৰ্মনৰ সৈতে কৰ অধীক্ষকগৰাকীৰ চিনাকি হৈছিল ৷ পাচলৈ ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিছিল কৰ অধীক্ষকগৰাকীৰ সৈতে । কৰ অধীক্ষকগৰাকী গুৱাহাটীলৈ বদলি হোৱাৰ পাচত ২০২০ ৰ ৪ ডিচেম্বৰত ধৰ্ষণ কৰে দিপন বৰ্মনে ।

ইয়াৰ পাচতো কৰ অধীক্ষকগৰাকীৰ পৰা ধাৰ লোৱা ধন ঘূৰাই দিবলৈ অহাৰ সুবিধা লৈ দিপন বৰ্মনে দুবছৰ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । বাসুগাঁৱত ঘৰ নিৰ্মাণ কৰাৰ বাবে ৩৪ লাখ টকা দিপন বৰ্মনে কৰ অধীক্ষকগৰাকীৰ পৰা সৰকাইছিল । শেষত ঘটনা সন্দৰ্ভত কৰ অধীক্ষকগৰাকীয়ে পানবজাৰ মহিলা আৰক্ষী থানত ২০২২ ৰ ২১ জুলাইত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত ৫৩/২২ নম্বৰত দিপন বৰ্মনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ।

দিপন বৰ্মন সেই গোচৰত বৰ্তমান জামিনত আছে যদিও গোচৰটো আদালতত বিচাৰাধীন হৈ আছে । উল্লেখ্য যে, অসম অসামৰিক সেৱাৰ বিষয়া দিপন বৰ্মন বৰ্তমান কামৰূপ জিলাৰ ৰঙিয়াৰ মহকুমাধিপতি । অসম আৰক্ষীক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰাৰ পাচতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দিপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে । দেহৰক্ষীৰ লগতে গৃহৰক্ষীসহ 5 আৰক্ষী বিষয়াকো প্ৰত্যাহাৰ কৰা হৈছে ৷

দিপন বৰ্মনে আৰক্ষীক উদ্দেশ্যি প্ৰদান কৰা অপমানসূচক মন্তব্যৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতে গৃহ বিভাগে গ্ৰহণ কৰে কঠোৰ পদক্ষেপ । সোমবাৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা পৰীক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰজেক্ট চুপাৰ ফিফটি শীর্ষক প্ৰকল্প ৰূপায়ণৰ উদ্যোগ গ্ৰহণ কৰা হৈছিল । সেই অনুষ্ঠানতে আৰক্ষীৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পাচতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰঙিয়াৰ মহকুমাধিপতিগৰাকী ৷

লগতে পঢ়ক : Derogatory comment on Assam police : ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.